৩৪৬ | { বই ১১ সংখ্যা আমি ইয়াৰ পুৰে এবাৰ সমুদ্ৰ-যাত্ৰা কৰিস্থিলে।। কলিকতাৰপৰা বোম্বাইলৈ এই যাত্ৰাত এমাহ লাগিছিল; কিয়নো, ভাৰতবৰীয় পূৰ্ব আৰু পশ্চিম সমুদ্ৰহী প্ৰায় প্ৰত্যেক ঠাইতে আৰু সাৰ তিনিখন ঠাইত জাহাজ কৈছিল, সেই গুণে এমাই লাগিছিল; সেইদেখি এইবাৰ আন আন সহ- যাক অলপ যেন অহঙ্কাৰেৰে সৈতে এই বিষয় জনালোঁ। তাৰ পাই দিনা আমি পুৱা উষ্টি দেখিশে জাহাজ সশব্দে গম্ভীৰভাৱে পানী ঠেলি নিজৰ বাট কৰি সমুদ্ৰৰ পিনে জুটিব লাগিছে। গঙ্গা লাহে লাহে বহল হৈ আহিবলৈ ধৰিছে, পাৰ দেখা নেয়ায় নোয় হৈছে। অলপ পৰৰ পাছত যিখিনি পাৰ দেখা গৈছিল তাকে। নেদেখা হ'ল। অপাৰ সমুদ। আমাৰ নিজৰ ডেক- মাচিয়াত বহি থাকোতে দেখিলোঁ যে জাহাজ দুলিছে, ওপৰ তল কৰিছে, অলপ see-sawৰ (চি চ) দৰে দুলিছে। গাটো কিষা একৰকম কৰিবলৈ ধৰিলে। তাৰ অলপ আগেয়েই সুন্দৰৰূপে পেটপূজা কৰি আহিছিলো। গাটো কেনো-কেনেবা কৰিবলৈ ধৰিলে। সেইদেখি তললৈ গৈ মুখ-হাত ধোৱা ঠাইত (Lavatory লেভেটৰিঅলপ বতিয়ালে। তাৰ পাছত ভালকৈয়ে বাতি আহিবলৈ ধৰিলে। শেহত ওপৰৰ ডেকলৈ আহি সম্পৰ্বে আকৌ ভেফ-মাচিয়াত বহিলে। গৈ। কিন্তু গৰ্ব বেচি পৰ মেথাকিল। আন আন সহযাত্ৰীৰো মুখত প্ৰায় আমাৰ দৰেই কেনেবা-কেনেবি ভাব দেখিলোঁ। জাহাজ বৰকৈ দোল। হেন লগাত পাটীত গৈ খুলে;-আকৌ কেবাৰমান বলিয়াইছিলে। অৱশ্যে। এইয়া গল sea-sicknessৰ অৰ্থাৎ সামুদ্ৰিক মূৰীয়াৰ পাল। মাদ্ৰাজলৈকে আমাৰ শৰীৰ ভাল নাছিল,-গৰ আৰু গাত খছ হৈ কষ্ট পাইছিলোঁ। আহত ডাক্তৰখানা আছে, সেইদেৰি মৰীয়া হোৱাৰ সুবিধা এবি বান একো অৰি গাৰ হোৱা নাছিল। আপোনা পাঠক পাঠিকা সকলক কওঁ যে সামুদ্ৰিক নৰীয়া হলে ৰ খহ নহয়—আমাৰ শৰীৰৰ দোষৰ গুণেই এই ন হৈছিল, সমুদ্ৰৰ দোষ নহয়। সমুদ্ৰৰ দোষ বাতি হোৱা, মূৰ ঘুৰুৱা, মন কেনেষাকেনেৰি কৰা, বন্ধু বাৰৰ লগত কথা কবলৈ মন নোৰোৱা, ইত্যাদি। এই সামুদ্ৰিক নৰীয়া দু দিন তিন দিন বেছি নেথাকে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৯৬
অৱয়ব