পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। [১ম বছৰ, ৫ম সংখ্যা আৰু সৰল বন্ধু নাই বুলি ভাবে এইবোৰ মুখৰ উপৰিও নিয়ে লেখা পঢ়া শিকাই মনৰ মতেৰে গঢ়ি লোৱা গুণৱতী ভাৰ্যা পোৱাৰ পাছত যেতিয়া তেওঁ সন্তানৰ মুখ দেখিলে { সেই সন্তান যদিও ছোৱালী। তেতিয়া তেওঁ নিজক সচাকৈয়ে পৰম সুখী বুলি ভাবিলে। সেই সৰু সংসাৰখনি বৰ সুন্দৰ হৈ উঠিল। মানুহৰ সদাই সুখ নেথাকে;গোলাপৰো নেথাকিল। লৰা-পোৱাৰ পাছৰে- পৰা পদুমৰ গা ভাল মোহোৱা হল। তেওঁ দিনে দিনে দুৰ্বল হৈ যাবলৈ বিলে। শেহত বুকুৰ বেমাৰ হৈ তেওঁৰ নৰীয়া বৰ টান হল। নানা ৰকম দৰব- জাতিয়েও একো ভাগৰ চিন নেদেখুৱালে। নিৰ্ম্মল সংসাৰ ডাৱৰৰ ছাঁ পৰি চকা-চমকা লগালে। গোলাপৰ মনতো কিবা এটা ভয় সোল।

এদিন আবেলি পদুমে গিৰিয়েকক শোৱাপাটীৰ ওচৰলৈ মই নি ওচৰত বহুৱাই লাহে লাহে কবলৈ ধৰিলে—“অপোনাসকলে জানিছেই মোৰ আৰু সৰ দিন অনুস নাই। আপোনাৰ কোলাত মূৰ থৈ মৰিব পাৰিম ইয়াকে ভাবি মই সকলো দেহৰ যন্ত্ৰণ। পাহৰিছে। মোতকৈ ভাগ্যৱতী আৰু নাই বুলি ভাবিছে। কিন্তু মোৰ এটা খাটনি আছে; সেইটো দলিয়াই নেপে- লাই বুলি জানিব পাৰিলে মই বৰ মুখেৰে মৰিব পাৰে। মই মৰাত আপুনি মিছাকৈয়ে শোক কৰি নেথাকিব। সোনকালে আৰু এজনী ভাগ্যৱতীক নিৰ ঘৈণী কৰি লৈ এই খান-বাল হব খোজা ঘৰখন ৰাখিব। মই মাথোন ইয়াকে খাটে। যেন মোৰ মাউৰা ছোৱালীটিক এজনী মৰখিয়াল ৰাহীমাকৰ হাত দিয়ে। তাই আপোনাৰ হাতত গতাই দিলোঁ।” পমে, আঃ একো কব নোৱাৰিলে। দুৰ্বল হাতখনিৰে তেওঁ কেচুয়া ছাৱালীজনীৰ মূৰটো টানি নি গোলাপৰ হাতৰ ওপৰত থৈ দিলে গৈ, আৰু ৰ লাগি গিৰিয়েকৰ ফালে চাই। গোলাপে মনে মনে নিছিল যে পদুমৰ শেষ সময় ওচৰ চাপিছে। মিছ আশ্বাস দিবলৈ তেওঁৰ সাহ নহল। তেওঁ অলপপৰ নিতাল মাৰি থাকি সৰু লৰাৰাৰে চমুকৈ কৈ থৰে “পদ্মা, মই তোমাক মনত ৰাখি।” দুটোপা তপত চকুৰ পানী তেতিয়াই হোৱা- শী িকপাল পৰিল।