১৪ বাহী। {১ বছৰ সংখ্যা শব্দলৈ ঠেলি নাটে। স্বাভাবিক। পৰমী অঙোম-আহাৰ-আসাম অধিকৃত দেশৰ নামটো যে আসাম হল সেইটোও বুজিব পাৰি। আহোম সকলৰ নিজৰ তিৰ প্ৰচলিত মতও এইটো যে, আহোম অসম (অৰ্থাৎ যাৰ সমান কোনো নাই} শব্দৰপৰা ওলাইছে। এইটো মানে তেওঁলোকে বামুণ সকলৰ ব্যাখৰপৰা, যে শিকিছে তাত ভুল নাই, কাৰণ এই ব্যাখাত গৌৰৱ আছে। তাৰ বাহিৰে, তেওঁলোকে নিজেই জানিছিল, আহোম শব্দ কেনেকৈ কিয় তেওঁলোকৰ গাত প্ৰয়োগ কৰা হল। আহোমসকলে কয় যে চুকাফাই বৰ বীৰত্ব প্ৰকাশ কৰি আসামৰ আন জাতিবোৰক ৰণত বৰুৱা বাবে সেই সেই জাতীয় মানুহবোৰে কবলৈ ধৰিলে যে ইহঁ ও অসম, ইই- তৰ সমান কোনো নাই; তাৰপৰাই অহম বা আহোম হৈছে। কিন্তু কথা হৈছে, মে মঙ্গল জাতীয় অসভ্য জাতৰ মানুহবোৰে অসম” এই সংস্কৃত শব্দটো ব্যৱহাৰ কৰিব জানিছিল নে? এইটো কথাও অৱশ্যে ভাবিবৰ বিষয়। আহোমবিলাক আসামলৈ অহাৰ আগেয়ে আসাম দেশৰ নাম আসাম বা অসম বোলাটোৰ কতো উল্লেখ নাই; গতিকে, আহোমৰ অৰ্থাৎ চান- আচানক্ষসান-অসামৰ দেশে যে আসাম নাম পাইছে এইটো সিদ্ধান্ত নপৰি নোৱাৰি। মুছলমান বুৰঞ্জীলেখকসকলে আসাম দেশৰ নাম “আসাম” (স sh) লেখি গৈছে। কোচ ৰজাসকলৰ বংশাৱলী পুথিত আসাম শব্দ আহোমক বৃদ্ধাবলৈ ব্যৱহাৰ কৰা হৈছে। ঘোষাত “ৰাম বুলি শুৰে মিৰি অসম কছাৰী” বুলি “অসম” আহোমক বুজাইছে। মহাপুৰুষ শঙ্কৰ মাধৱ দেৱে উনি এৰি ভাটীলৈ যোৱাৰ কাৰণ, “অসমৰ বিষম মত, ইয়াত থকাটো উচিত নহয়” এইটো বুলিছিল। ইয়াতে “অসম” বুলি আহোমক বুজাইছিল। মানবিকে আসাৰ দেশক আচাষ, খাম, অথবা উথালি বুলিছিল; টনবিলাকে উইচানি, আক, মণিপুৰীয়াৰিলাকে টেকৌ বুলিছিল। পুৰণি কালত ফুৰোপীয় ভূগোল লু লিখেতাসকলে বৰনৈৰ পচিৰ ফালৰ ঠাই লেখক কোচ হলো, আৰু পূৰ ফালৰ জোখৰক কোট-কাচাম বুলি লেখিছিল। কিন্তু আহোষবিলাকে আসা বেশক মুদুচুৰখাৰ বুলিছিল; আলাম না তেওঁলোকৰ ভিতৰত প্ৰচলিত ছিল। মুংচুশ মানে গোনাৱালি বাগিছাৰ দেশ।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮০
অৱয়ব