পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কলে। তেওঁৰ উৰ সৈতে সব নকল হ'ল। ১৯০৯ চনৰ আই মাহৰ কোনো এটা দিনত কলিকতা মহানগৰীত অধ্যয়নৰত কেইজনমান ছাত্ৰ আৰু দুজনমান প্ৰৱাসী অসমীয়া ভদ্ৰলোকে মীৰ্জাপুৰ এটৰ জুবিলী ইষ্টটিউচনৰ এটা কোঠাত গেট খায়, উদ্দেশ্য কেইবাবছৰে নিসাৰ হৈ পৰি থকা এ এছ এল ক্লাবক পূনীতি কৰা। সভাপতি আছিল যোৰহাটৰ বি.এছফুকন।সভাপতিয়ে সভাত ক'লে যে আগৰ কলিকতীয়া ছাত্ৰসকলে ‘জোনাকী' কাকতখন চলাইছিল আৰু এতিয়াও সেই সভাৰ যোগেদি যদি সেই কাকতখন উলিয়াবলৈ গাত লয়, তেন্তে তেখেতে যথাসাদ্যে সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিছিল। “পাঁচ-ছুদিন মানৰ পিছতে আমি পাঁচজন শ্ৰীযুত ভোলানাথ কাকতি, শ্ৰীযুত নীলমণি ফুকন,শ্ৰীযুত ৰোহিনী কুমাৰ চৌধুৰী আৰু শ্ৰীযুত পূৰ্ণানন্দ পাঠক আৰু ময়ো হেয়াৰ বীটৰ অফিচত বেজবৰুৱাদেৱক দেখা কৰি সকলো কথা বিৱৰি কলোঁহক। তেখেতে সকলো কথা শুনি হাঁহি মাৰি ক'লে, “তোমালোকে প্ৰবন্ধ গোটা; সম্পাদনা কৰিবা, তাৰ পিছতু যোৰহাটলৈ পঠাবা, তাত ছপা হৈ আকৌ কলিকতা পাবহি: তাৰ পিছত আকৌ তোমালোকে ইয়াৰ পৰা বিলাবা। থোৰাহে তোমালোকৰ এইবিলাক তিনি ফেৰেনীয়া কথা। কাকত উলিয়াব খুজিছা, বা দিয়া মোক তিনিমাহৰ কাৰণে ছটা-দুটাকৈ ওঠৰটা প্ৰবন্ধ; মই উলিয়াই দিম কাকত।” আমিও গাত লৈ তেখেতে দিয়া চাহ-মিঠাইৰ সদব্যৱহাৰ কৰি ঘমুৱা হ'লে। আহিবৰ সময়ত তেখেতে হাঁহি হাঁহি ফ্লাইট ফ্লোট ফ্লোৰেইট’ মাতেৰে আমাক বিদায় দিলে।” “তাৰ এমাহমানৰ পিছত যেতিয়া আমি গৈ ওঠৰটাৰ ঠাইত বাইশটামান প্ৰবন্ধ তেখেতৰ হাতত দিলোঁ, তেতিয়া তেখেতে কলে, তোমালোক বৰ দুষ্ট ল’ৰা। মই তেতিয়া ফোৰোহানি মাৰি তোমালোকক উৰুৱাই দিছিলোঁ, পাছে তোমালোকে মোক ভাল ফান্দত পেলালা।' মই তেতিয়া ক'লো, ‘আমাৰ ফালে হলে হাতীৰ দাঁত এবাৰ ওলালে আৰু নোসোমায়। আপোনালোকৰ কলিকতীয়া হাতীৰ দাত কেনে বিধৰ ক'ব নোৱাৰে। তেখেতে ক'লে, তোমালোকৰ বিধৰ দৰেই; আৰু প্ৰবন্ধৰোৰ থৈ যোৱা। মই আৰু পৰহিলৈ ঝাড়াচাগোড়ালৈ যাব লাগিব। দেখা যক কি কৰিব পৰা যায়। আমিও হাঁহি হাঁহি বিদায় লৈ আহিলোঁ। পিছত শুনিবলৈ পালোঁ আমি দিয়া প্ৰবন্ধবোৰ বাছছাতেই হেনো ৰাতি দুই বাজি গৈছিল।” (উদ্বোধনী ভাষণ, যতীন্দ্ৰনাথ দুৱৰা, বাঁহী, ৩০শ বছৰ, একাদশ- দ্বাদশ সংখ্যা)। | প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি বালক লীনাথৰ পিতৃ দীননাথ বেজবৰুৱাই একালত উত্তৰ লক্ষীমপুৰত কাৰ্যনিৰ্বাহ কৰিছিল। বালক {এ)