সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাষাৰ সম্পৰ্কে আষাৰচেৰেক কথা- বাঁহী, প্ৰথম বছৰ, প্ৰথম সংখ্যা, ১৮৩১)। লক্ষ্মীনাথৰ বন্ধু চন্দ্ৰকুমাৰ অসমলৈ আহি চাহনিত (তামোলবাৰী চাহ বাগিচা) সোমালত চাহপাতৰ গোন্ধে তেওঁক উন্মনা কৰিলে; তেওঁ আওপকীয়াকৈ সাহিত্যত প্ৰোৎসাহ যোগালে। ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামী সাৰস্বত সাধনাত ব্ৰতী হ’ল।

  স্বদেশানুৰাগ বেজবৰুৱাৰ সাহিত্যৰ মূলমন্ত্ৰ। তেওঁ কঠোৰ জীৱন- সংগ্ৰামত ব্ৰতী হৈয়ো অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ অৰ্থে অহোপুৰুষাৰ্থ কৰিছিল, যেন শ্বাস-প্ৰশ্বাসৰ নিচিনা কথা। তেওঁ বিদেশত অসমৰ অতন্দ্ৰ প্ৰহৰীৰূপে থাকি অসমীয়া জাতি আৰু ভাষাক আক্ৰমণ কৰোঁতাসকলক শ্লেষাত্মক বাক্য-বাণেৰে নিৰস্ত্ৰ কৰিছিল। সেইজন বেজবৰুৱাই বাঁহীৰ মধুৰ স্বৰেৰে কৰ্ণ-কুহৰত যি জাতীয় উন্নতিৰ তথা জাতীয় চৈতনাৰ অমোঘ বাণী শুনাই গ’ল সেই প্ৰসঙ্গত কিছু কথা আলোচনা কৰা আমাৰ উদ্দেশ্য।

 ঊনবিংশ শতিকাৰ প্ৰথম দশকতে অনাৰেবল পদ্মনাথ বৰুৱা সম্পাদিত ’ঊষা’(১৯০৭) নামৰ মাহেকীয়া আলোচনী ওলায়। সেই কাকতখন ওলোৱা দিন অৱধি লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামত প্ৰবন্ধ লিখি পোষকতা কৰি আহিছিল। কিন্তু ১৮৩০ শকৰ ভাদ মাহৰ তৃতীয় ভাগ, তৃতীয় সংখ্যা ‘উষা’ত ‘কৃপাবৰ বৰুৱাৰ প্ৰত্যাগমন’ নামৰ ঘাই প্ৰবন্ধৰ তলে ‘এংলো- ইণ্ডিয়ান’ নামৰ এটা পালী প্ৰবন্ধ প্ৰকাশ হৈছিল। সেই প্ৰবন্ধটোৰ কোনো কথাত খুঁত ধৰি চৰকাৰে ’ঊষা’ৰ সম্পাদকৰ কৈফিয়ৎ তলব কৰিলে। ৰাজ- ৰোষত পৰি ’ঊষা’ৰ সম্পাদকে উক্ত প্ৰবন্ধটো তওঁৰ কাকতৰ পৰা তুলি লয়। কৃপাবৰ বৰুৱাৰ অমত প্ৰকাশ কৰি ’ঊষা’ত লিখে, “সেই প্ৰবন্ধ সেই নামৰ আগৰ ৰহস্যমূলক প্ৰবন্ধৰ অংশ বুলি ভাবিহে তাক ভ্ৰমবশতঃ ‘ঊষা’ত ঠাই দিয়া হৈছিল। গতিকে ছপা হোৱাৰ আগেয়ে তাৰ ভিতৰুৱা কথালৈ দকৈ মন কৰিবলৈ নহ’ল। কিন্তু পিচত দেখা গ’ল যে সেই প্ৰবন্ধৰ মত আৰু কথাৰ লগত আমাৰ মত আৰু কথা একেবাৰেই নিমিলে, আৰু আমাৰ দৃঢ়াৱস্থান হৈছে যে, সেই প্ৰবন্ধই ৰাজভক্ত অসমীয়া প্ৰজাৰ মনত নিশ্চয় অত্যন্ত বিৰক্তি জন্মাইছে। ভ্ৰমবশতঃ প্ৰবন্ধটো ছপোৱাৰ আগেয়ে তাক ভালকৈ পৰীক্ষা কৰি চাবলৈ নহ’ল কাৰণে, এতিয়া আমাৰ মনত ঘোৰ অনুতাপ হৈছে। আশাকৰোঁ, যেন আমাৰ ৰজা আৰু ৰাইজে অনুগ্ৰহকৈ আমাৰ সেই ক্ৰটী মাৰ্জ্জনা কৰিব। লগতে আমি ইয়াকো জনাওঁ যে, ইয়াৰ দ্বাৰাই আমি ‘কৃপাবৰ বৰুৱাৰ প্ৰত্যাগমন’ প্ৰবন্ধ ‘ঊষা’ৰপৰা উঠাই ললোঁ; আমাৰ গ্ৰাহক-পাঠকসকলেও যেন সেই প্ৰবন্ধ বাদ দি ‘উষা’ পঢ়িব। আৰু সেই প্ৰবন্ধৰ লগত ’ঊষা’ৰ সম্বন্ধ নাই বুলি জানিব।” সম্ভৱ ‘ঊষা’ৰ সম্পাদকৰ এনে কাৰ্যই লক্ষ্মীনাথ বেজবৰুৱাক বিক্ষুব্ধনত ঘোৰ অনুতাপ হৈছে। আশাকৰোঁ , যেন আমাৰ ৰজা আৰু ৰাইজে অনুগ্ৰহকৈ আমাৰ সেই ত্ৰুটী মাৰ্জনা কৰিব। লগতে আমি ইয়াকো জনাওঁ যে , ইয়াৰ দ্বাৰাই আমি ‘ কৃপাবৰ বৰুৱাৰ প্ৰত্যাগমন ’ প্ৰবন্ধ ‘ ঊষা’ৰপৰা উঠাই ললোঁ; আমাৰ গ্ৰাহক - পাঠকসকলেও যেন সেই প্ৰবন্ধ বাদ দি ‘ উষা’ পঢ়িব। আৰু সেই প্ৰবন্ধৰ লগত ‘উষা ’ৰ সম্বন্ধ নাই বুলি জানিব। সম্ভৱ ‘ ঊষা’ৰ সম্পাদকৰ এনে কাৰ্যই লক্ষ্মীনাথ বেজবৰুৱাক বিক্ষুব্ধ

(ঝ)