পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 9 ) অসম মাতৃ—নেথাকিবা বহি, পাবা বহু ধন সোণ। কথা কৰি কাতি, ধৰাঁ যদি খেতি, পাব৷ ধান দোনে-দোন॥ অসম পুত্ৰ।—বিদ্যা বুদ্ধি নাই, [অসম মাতৃ] নেভাবা সোণাই ওলাব বুদ্ধি আপুনি। কৰিলে কি ভয়, একতা আশ্ৰয়, একতা বুদ্ধিৰ খনি॥ অসম পুত্ৰ।— ছাল বাকলীয়া, যোৱা দিহাদিহি, অসম মাতৃ। —শত জন মিলি, শক্তিহীন নাই বল। অসম পুত্ৰ — মানুহে বেহাত, আমি অসমীয়া, লগেৰে ওপজে বল। মূলধন নাই, কৰা পুৰুষালি, আহে বহুধন লই। দিলে হেনো হাত, কোৱাচোন আই, বেহা পাতে৷ কেনেকই॥ অসম মাতৃ।—মিলি জুলি বহা, পাতি চোৱাঁ বেহ!, তুমিও হব৷ চহকি। অসম পুত্ৰ। — তেন্তে হেৰা আই, কিয় আছোঁ চাই আৰু ভয় আছে নো কি॥ 9