পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( * ) মই কঙ্গালিনী পথ ভিথাৰিণী, কি সাহেৰে যাওঁ মহোৎসৱ পিনি, যতেক তিকতা, আছে সভা জিনি, থোপা থোপে মণি আঁৰি॥ অসম-মাতৃৰ দুৰগতি, এনুৱা বিলাই গোঁসায়ে কিয়নো দিলে। মহা পৰাক্ৰান্ত ব্ৰহ্মপুত্ৰ, ওথ পৰ্ব্বতৰ সাৰি সাবি, লেচাৰি। দেখি প্ৰাণ মোৰ কান্দে অতি, তাৰ এনে দশা বিধিয়ে কিয় কৰিলে। ঋষি মুনি যাৰ আছে গুৰু, যাৰ বৰ্ত্তমান জ্যেষ্ঠ পুত্ৰ, তাহান অৱস্থা সুৱৰি দহে পৰাণ। অসমৰ পুত্ৰ ভগদত্ত, যাৰ বন্ধুবৰ্গে আছে বেৰি, সিকালত তুমি অগ্ৰগণ্য৷ তাৰ আজি চোৱা হীন দশা অপমান॥ শুদ্ধ সত্ত্ব দেৱ কল্পতৰু, বাণ ৰাজা মহা দৰ্পমত্ত, ভীষ্মক হিড়ীম্ব আৰু কত কত বীৰ। ছিলা পৃথিবীত বহু ধন্যা, আজি শোকাতুৰা বহে নয়নৰ নীৰ॥ চোৱ৷ চোৱা কিনো বিপৰ্যয়, ভুঞ্জিছা হে মাতৃ দুথচয়, জানিলোঁ ইটে৷ সে প্ৰভু ঈশ্বৰৰ মায়া।