পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূৰবী—আড়া৷ চোৱঁ৷ চোৱঁ৷ দুষ্ট বাহু, গিলিছে অসম-জোন। ওলাব পাৰিব জানো, কোৱাঁ হে সৰবজান | চাওঁতে চাওঁতে হায়, গিলি নিছে কেনেকই, পেটত কুমাই থলে, ওলাব নে কোৱাচোন। হৰিক ভজিলে ভাই, উলিয়াব বঁতিয়াই, নোৱাৰে সহিব পাপী, ঈশ্বব-নাম-কীৰ্ত্তন॥ বাগেশ্ৰী—একতাল। কিয় সবজিলা, ভাৰত-ভূমিত, এই অনাথিনী হৰি। সবেও হৰিষে, চাৰ মহোৎসৱ, মই হে থাকিলোঁ পতি = আকাশলৈ উঠি বাজনাৰ ধ্বনি, চৌদিশে লগায় জানো খলকনি, শুনোতাৰ হয় প্ৰফুল্ল পৰাণি, কিয়নো নেযাওঁ মৰি॥ মোৰ দিঙ্গিশুদা, বুকু ফাটি যায়, নসহে যাতনা প্ৰাণে। হেৰা দয়ামণি, দয়া কৰি মোক, মাৰি নিয়৷ এতিক্ষণে।