পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অমৰ জীৱন কিয়, দিলা মোক জগজ্জীৱ, মৰোঁ যেন এতিক্ষণে, যদি হে মৰিব পাৰি॥ মোমাই তামুলী আহি, দিয়া বুদ্ধি এটি ছাহি, আপুনি নেপায় দিহা, মোৰ পুত্ৰে ঘূৰি-ঘাৰি। নিৰাশাৰ ধোৱা কোৱা, মেৰাইছে মোক চোৱা, জীববে৷ বাসনা মিছা, পেলাওঁ প্ৰাণ এছাৰি। ৰসাতলে যাওঁ মই, মায়া মোহ এৰি থই, সাতানব্বৈ ভূমিকম্প, আহ৷ তুমি মহামাৰী। ঝিঁঝিট্‌—মধ্যমান। ভিতৰুৱাল কথা সাৰি, কাণে কাণে শুনি যোৱা। অসমীয়াৰ লুকাব, কাণে কাণে শুনি যোৱাঁ॥ এই যে দেখিছা তুমি, সুখৰ জনম ভূমি। কালি হব দুখময়ী, কাণে কাণে শুনি যোৱাঁ॥ পতিত-উদ্ধাৰ-যন্ত্ৰ, নললে একতা মন্ত্ৰ। ৰসাতলে যাবা ভাই, কাণে কাণে শুনি যোৱা॥