পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( হৰি হে) তোমাৰ শোৱা ঘৰ, লোকলৈ এবিলা, কিনো কথা বিপৰীত। মাথে হাত দিয়া, এবে কথা গুণি, হোৱাঁ শোকে জৰ্জৰিত॥ (হৰি হে) তোমাৰ বিলাই, মনত পেলালে, বুকু ফাটি-চিটি যায়। জগতৰ মাজে, জানিলোঁ ঠাৱৰে, তোমাকৈ আঁজলী নাই৷ লুম্ ঝিঁঝিট্‌—পোস্তা। বহল জগত মাজে, অনাই বনাই ফুৰোঁ, মই অনাথিনী নাৰী৷ নাই মোৰ ঘৰ-বাৰী॥ কান্দিবৰো শক্তি নাই, মৰিলোঁ মৰিলোঁ হায়, মাই নে এজনে| পুত্ৰ-নাতি মোৰ পুতৌ-কাৰী॥ কণ্ঠাগত প্ৰাণ আজি, বিধতাৰ কিনো বাজি, আছিলোঁ ৰজাৰ ৰাণী, এতিয়া পথৰ ভিখাৰী। মোৰ পুত্ৰ কতজন, বুদ্ধি স্বৰ্গ নাৰায়ণ, ৰুদ্ৰসিংহ স্বৰ্গগামী, হৃদয় মোৰ বিদাৰি।