পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( २१ ) ( থাম্বাজ—একতাল। সেউতী মালতী আজি, আহা, কেনে কলিয়ায়। হৃদয়-ফুলনী জুৰি আশা-কলি মিটিকায় ৷৷ যেতিয়া ফুলিব ফুল, কৰিব মন আকুল, অন্তৰ পোহৰ হব, গুচিব যত অপায় ॥ খাটিছোঁ বিভুক যেন, বাঢ়ে কলি দিনে দিন, দুষ্ট-পোকে যেন তাক ঠাৰি কুটি নসবায় ॥ - মোল্লাৰ – একতাল। আজি একতা, আনন্দ-লতা, লগাই কি বেথা, বগাই যায়। ক্র:----বিবিথ, হল ফল থিয়, প্ৰেমৰ হেপাহে, সিপোনে চায় ॥ বতাহৰ ছাটি, লাগি হলে গাটি, ভয় পাই আতি, থৰথবি প্রাণ। একো শঙ্কা নাই, উছাহৰ সিপা, মাটি খানি বহু, দূৰলৈ যায় ৷