পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২৬ ) (তোমাৰ) কৰিছে দেহা পবিত্র, মহানদ ব্রহ্মপুত্র, নীলাচল শোভে আৰু তীৰ্থ বহুধৰমী ॥ বিৰাজিছে উমানন্দ, পৰশুৰামৰ কুণ্ড, দেখিছোঁ ঈশ্বৰ-লীলা, কিয়নো নিবাশ আমি যিদেশৰ এনে কান্তি, তাঁৰ কিবা ভয়-ভ্রান্তি, আহ৷ বুকু-ভৰা প্ৰেমে, পূজেঁ৷ অনাথৰ স্বামী৷ -- সিন্ধু থাম্বাজ-মধ্যমান । ভক্তি-আঁজলিৰে পূজেঁ। প্ৰভু নাৰায়ণ । আজি এতে দিনে আশা দিয়ে দৰিশন ॥ মনৰ কুৱঁলি গল, আশাৰ পোহৰ হল, আশা-ভৰা প্ৰাণে হৰি কৰে৷ আৰাধন ॥ আশ৷ কন্যা লয়-লাসে, নাচে হেৰা কাষে কাষে ; কি আনন্দে পূজেঁ৷ আমি হৰিৰ চৰণ ॥