পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 20 ) নকৰিবা ভয় দেখি ৰণ ঠাই, গুচোৱা দুৰ্ণাম গুচোৱ৷ বিলাই, পৰম-ঈশ্বৰ আমাৰ সহায়, কিয় তুমি চিন্তা-মগন । - খাম্বাজ—লক্ষ্ণৌঠুংৰী । চোৱ৷ আকাশলৈ বেলি ফট্‌ফটীয়!। ঢাবি-পাটি নেৰাঁ কিয় অসমীয়া ॥ কোৱা ফেচুঁ চৰাই, ডালে ডালে বগায়, পখী-বুধি জানো তোমাৰ নাইকিয়া ॥ পখিলা উলাহে, নাচ নাচি আহে, পৰি আছা তুমি যেনে গেৰ-মেটীয়া ॥ হৰিণা হৰিণী, চৰে এনি তেনি, তোমাৰ এনে গতি কিয় ডাঙ্গৰীয়া প্রকৃতি অচেতন, তোমাৰ কল্‌ল্মটিয়ন্, বাগৰা-বাগবি কৰিছা এতিয়া ॥