পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৯ ) সময় তাকৰ, আহ৷ কাম কৰোঁ, বকলা মেলাৰ আজৰি নোলায় । ৰাৰ যিবা সাধ্য নকৰিলে কাম, কৰিব লাগিব পিছে হায় হায় ॥ ঝিঁ ঝিট—একতাল । আহা আজি আমি আনন্দ মনে, দুখুনী-আসাম মাতৃ-চৰণে, প্ৰণিপাত কবি একান্ত মনে, ধন্য কৰোঁ এই জীৱন । সকলোৱে আমি একেলগে মিলি, থিয়লা থিয়লি পাহৰে৷ সমূলি, হৃদয়ৰ পৰা পেলাওঁ উভালি, কাঁইটীয়া হিংসাৰ বন। সাহৰ জৰীৰে মেৰোৱা হৃদয়, ব’লা আগুৱাওঁ নাই একো ভয়, কুৰি-শতিকা হে কাৰ্য্যৰ সময়, নেথাকিবা হৈ অচেতন ৷