সমললৈ যাওক

পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৭)

ভক্তিৰ আঁজলি-দানে,
পূজোঁ হে হৰি-চৰণে,
অৱশ্যে লভিম আমি, কৰ্ম্মক্ষেত্ৰে মোক্ষম॥



ব্ৰহ্ম কীৰ্ত্তন বাউলসুৰ – একতাল।

(হৰি) কৰ্ম্ম-নদীৰ মাজৰ পৰা তাৰিবা ইবেলি।
তুমি নেতাৰিলে, তাবে কোনে, হেবা বনমালী॥
নাই বুদ্ধি মোৰ,
নেজানোঁ সাঁতোৰ,
উদ্ধাৰিবা প্ৰভু আজি, দিওঁ ভক্তি-আঁজলি॥



সিন্ধু ভৈৰবী—ঠুংৰী।

(অপঠনীয়)ত্ৰাপৰি, প্ৰভু প্ৰাণপতি, পালন লালন হৰি।
(অপঠনীয়) কৰুণা, কৃপাময় মাধৱ, ৰাখিবা দোষ ক্ষমা কৰি॥
যতেক সন্ততি, নষ্টগতি মতি, অসম মাতৃক হেলা।
নেঠেলি নিজ-গুণে,ধৰি ৰাখা ৰাঘৱ,ঘোৰ সঙ্কটৰ এই বেলা॥
কাকুতি কৰিছোঁ হে, দিয়া দয়া দয়াময়, মাতিছোঁ দান্তে তৃণ ধৰি॥