পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৬ ) ইমন্‌—আড়াঠেক।। চৰণৰ ধূলি, লওঁ মাথে তুলি, কৰা প্ৰভু শান্ত প্রাণ। দিয়। হে অভয় দান ॥ কাঁপিছে অন্তব অতি হুলস্থুল, নিগূঢ় আতমা কিবা বিয়াকুল, কিয় এনে হয়, কিহবে বা ভয়, দিয়। প্রভু সমিধান ॥ M খাম্বাজ—কাওৱালী । দীন-দুখীয়া, আমি অসমীয়া, ক্বপাকৰ| প্ৰভু হৰি। তযু ক্বপ৷ বিনে, অসমীয়া জাতি, ঠাৱৰে হব আহৰি ৷ হেৰা কৃপাসিন্ধু, নেপালে কৃপাবিন্দু, দীন হীন, জীর্ণ ক্ষীণ, যাব অসমীয়া মৰি । চৰণে চপাই, ধৰিবা গোঁসাই, মাতে৷ চৰণত ধৰি ৷৷ লালিত বিভাস-মধ্যমান। চোৱা হে বন্ধু পীত বসন ঘনশ্যাম। পূজেঁ৷ আই৷ বংশীধাৰী, সংসাৰৰ দুখহাৰী, কৰিব আমাৰ পূৰ্ণ, অবিলম্বে মনস্কাম ৷