পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৪ ) মনৰ শকতি, নাই বুদ্ধি বৃত্তি, অভিশপ্ত এই জন্ম-স্থল। (আৰু ) জীবৰ বাসনা, নাই মোৰ জানা, ই বেলি প্ৰাণৰ মায়া গল ৷

ললিত—আড়াঠেকা ৷ নিচিনিলোঁ অসম আই, এতেদিনে কথা ই কি কি কাৰণে অসমীয়া বুলি দিছোঁহে চিনাকি ॥ যাৰ পৰ৷ জন্ম পালোঁ, তেনে আই নেজানিলোঁ, হলোঁ অধোগোমী কিনো, আৰু কিবা আছে বাকি ৷ বেহাগ — মধ্যমান । দীন অনাথ গতি, কি যাতনা সহিছোঁ। ভবিষ্যৰ ছবি মই, ভীষণ আঁকিছোঁ ॥ কোনে পাৰ৷ কই দিয়া, লুপ্ত হব অসমীয়া ? আবৰে ঘোৰ-ছায়া, কাল নৃত্য দেখিছোঁ ৷ - বেহাগ—আড়া। আসাম আকাশ আজি আন্ধাৰে আবৃত । মায়াময় মূৰ্ত্তি মোৰ মন-মাজত ৷৷