পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৩ ) বেহাগ—আড়াঠেকা ৷ আমাৰ কি গতি কৰিলা। সমুদ্ৰৰ মাজে প্রভু গুৰি এৰিলা ॥ আৰু একে৷ আশা নাই, দেখিছোঁ ঢউৰ হাঁয়, মৃত্যু আবাহনী হেৰা ভীষণ লীলা ॥ দয়ামণি দয়াধাৰ দিয়া দেখা পুনৰ্ব্বাৰ, কিয় অন্তৰ্দ্ধান হলা, প্ৰাণ মাৰিলা ॥ বাউল কীৰ্ত্তন ৷ দেশৰ কথা ভাবি, কিয় জুই জ্বালিলোঁ হিয়াত ৷ কিন্তু জুই জ্বালিলোঁ হিয়াত হে, কিয় জুই জ্বালিলোঁ হিয়াত আকাঙ্ক্ষ৷ আঙ্গঠ৷ ফুৱাই, কিয়নো জ্বালিলোঁ জুই, জুই তাপ লাগি মোৰ, নাই চেষ্টা গাত । মুলতান—একতাল। (হবি) মোৰ কি পাপত, ই কৰ্ম্ম-যুগত, অসম-দেশত, জনম হল। (হার) যত অসমীয়া, কৰ্ম্ম-নাইকিয়া, মনৰে৷ দুখীয়া,হীন বল