পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( , ) (আমাৰ কপালত ; ) ( আনিবা বাতৰি পাছে । ) সি বাতৰি হায়, ভাবি এতিয়াই, ফুটে বুকু শত বাণে ॥ দুৰ্গাবৰী—গীত । দিহা।—(এহে) ইবেলি তোমাৰ মই (হে) নেদেখিছোঁ ভাল। তোমাক কৰিব বন্দী, পাতে পন্থজাল ॥ পদ। —নেদেখিছা অসমীয়া, ব্যাধ সাৰি সাৰি । পাৰিবা নে ইমানতো যাব তুমি সাৰি ৷ বিহ লগা চোকা কাঁৰ, ব্যাধৰ হাতত । ড্যগী জুই তাতে লাগিছে চোঙ্গত ॥ চিকাৰী কুকুৰ পাল আছে মেলি জিবা। সাৰ৷ অসমীয়া, যদি বুধি আছে কিবা ॥ দিয়'। জাপ চেগ বুজি, অজলা হৰিণ। লৰ মাৰি উশাহতে হোৱাঁ অন্তৰ্দ্ধান ॥ ততালিকে সবা দিহা কী ভেবা ভাই। চকুপানী টুকিবৰ আৰু বেলি নাই মঙ্গহ শতুক হল, হৰিণা তোমাৰ । জানিলোঁ বিধিৰ হায় নিষ্ঠুৰ বিচাৰ