পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 10 ) পৰজ বাহাৰ—একতাল । কিয় হে তুমি, জন্মভূমি, নিৰানন্দ প্ৰাণে, উটিছ৷ বুৰিছা । নাই নে হে কোনো, পুত্রবন্ধুবৰ্গ, ইদৰে আই, খুজিছ— মাগিছা ৷৷ কিনো আচৰিত পুত্ৰ পৰিজন, সকলো তোমাৰ আছে সম্পূৰণ, তথাপি দুখিনী, অনাথিনী বেশ, কি শাপত তুমি, - দেহি ঐ যাতনা ভুগিছা ॥ কীৰ্ত্তন। হেৰা সমজুৱা, ইমানতে চোৱাঁ, কি কৰাঁ হে কথা নুগুণি। ধেমালি অন্ত, জানিবা নিতান্ত, নুবুজা কি হব আপুনি ৷৷ ! কি হব কি হব, ইবেলি তাবি কোনে। হে ব্ৰহ্মপুত্ৰ তোমাৰে হে পুত্ৰ, আমি অসমীয়া জাতি ; (কেঁচুৱা অজলা আতি)

তোমাৰ হে পিতা, সৰ্ব্বশাস্ত্র জ্ঞাতা, ভবিষ্য বাতৰি জানে ( সৰ্ব্ব-শক্তিমান্ বিধি ) সুধিবা তেওঁক, কি আছে কওক, যত লিখা আছে মানে