এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
বহল ব্যাকৰণ।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | সি | সিহঁতে, তাহঁতে | ||
| দ্বিতীয়া | তাক | সিহঁতক, তাহঁতক | ||
| তৃতীয়া | তাৰে তাকদি তাৰ দ্বাৰা বা দ্বাৰায় |
সিহঁতেৰে, তাহঁতেৰে সিহঁতকদি, সিহঁতেদি | ||
| চতুৰ্থী | তালৈ তাক |
সিহঁতকলৈ, তাহঁতকলৈ সিহঁতক, তাহঁতক | ||
| পঞ্চমী | তাৰ পৰা | সিহঁতৰ পৰা, তাহঁতৰ পৰা | ||
| ষষ্ঠী | তাৰ | সিহঁতৰ, তাহঁতৰ | ||
| সপ্তমী | তাত | সিহঁতত, তাহঁতত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — তাই
স্ত্ৰীলিঙ্গ।
১৬। হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | তাই | তাইহঁতে | ||
| দ্বিতীয়া | তাইক | তাইহঁতক | ||
| তৃতীয়া | তাইৰে তাইকদি |
তাইহঁতেৰে তাইহঁতকদি, তাইহঁতেদি |