এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
বহল ব্যাকৰণ।
দুয়ো বচনত তুমি তোমা হয়, আৰু লোক যোগ দি ইয়াৰ বহুবচন কৰা হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | তুমি | তোমালোকে | ||
| দ্বিতীয়া | তোমাক | তোমালোকক | ||
| তৃতীয়া | তোমাৰে তোমাকদি তোমাৰ দ্বাৰা বা |
তোমালোকেৰে তোমালোককদি, | ||
| চতুৰ্থী | তোমালৈ তোমাক |
তোমালোকলৈ তোমালোকক | ||
| পঞ্চমী | তোমাৰ পৰা | তোমালোকৰ পৰা | ||
| ষষ্ঠী | তোমাৰ | তোমালোকৰ | ||
| সপ্তমী | তোমাত | তোমালোকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — সি।
পুং আৰু ক্লীবলিঙ্গত।
১৫। প্ৰথমা বিভক্তিৰ বাজে আন বিভক্তিৰ একবচনত সি তা হয়, বহুবচনত সকলো বিভক্তিত সি তা হয়, নহৈও থাকে। হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।
৫