এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
বহল ব্যাকৰণ।
দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম — তই।
পুং স্ত্ৰী, দুয়ো লিঙ্গত।
১৩৷ প্ৰথমা বিভক্তিৰ একবচনত বাজে আন ঠাইত তই একবচনত তো আৰু বহুবচনত ত হয়। ইয়াৰ বহুবচন কবিবলৈ হঁত যোগ দিয়া হয়।
| বিভক্তি | একবচন | বহুবচন | ||
| প্ৰথমা | তই | তহঁতে | ||
| দ্বিতীয়া | তোক | তহঁতক | ||
| তৃতীয়া | তোৰে তোকদি |
তহঁতেৰে ৰে তহঁতকদি তহঁতেদি | ||
| চতুৰ্থী | তোলৈ তোক |
তহঁতকলৈ তহঁতক | ||
| পঞ্চমী | তোৰ পৰা | তহঁতৰ পৰা | ||
| ষষ্ঠী | তোৰ | তহঁতৰ | ||
| সপ্তমী | তোত | তহঁতৰ |
দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম — তুমি।
পুং স্ত্ৰী, দুয়ো লিঙ্গত।
১৪। প্ৰথমা বিভক্তিৰ বহুবচনত আৰু আন বিভক্তিৰ