১৩৮। কেতিয়াবা হয় বুজাবলৈ ন ব্যৱহাৰ হয়। যেনে, সি যিকি নহওক, অৰ্থাৎ যিকি হওক; সি যলৈকি নেযাওক, অৰ্থাৎ যলৈকি যাওক, মই যিকি নকৰোঁ, তুমি জগৰ ধৰিবৰ কোন? অৰ্থাৎ মই যিকি কৰোঁ, তুমি জগৰ ধৰিবৰ কোন।
অব্যয় আৰু আন শব্দৰ সঙ্গতি।
১৩৯। যদি অব্যয় শব্দ বাক্যত থাকিলে, বাক্য দুখণ্ড হয়। যদি অব্যয় প্ৰথম খণ্ডত কৰ্ত্তাৰ আগত বা পাচত থাকে, আৰু শেষ খণ্ডৰ আদিত তেন্তে বা তেনেহলে অব্যয় শব্দ ব্যৱহাৰ হয়। যেনে, যদি সি আহে বা সি যদি আহে, তেন্তে বা তেনেহলে মই যাম।
১৪০। যদিও বা যদিবাও অব্যয় শব্দ বাক্যত থাকিলে, বাক্য দুখণ্ড হয়। যদিও বা যদিবাও প্ৰথম খণ্ডত কৰ্ত্তাৰ আগত বা পাচত থাকে, আৰু শেষ খণ্ডৰ আদিত তেও অব্যয় শব্দ ব্যৱহাৰ হয়। যেনে, যদিও সি আহে, বা সি যদিও আহে, তেও মই নাযাওঁ; যদিবাও সি আহে, বা সি যদিবাও আহে, তেওঁ মই নাযাওঁ। তেও কথাৰ সলনি সেই ঠাইত তদপি বা তত্ৰাচ ব্যৱহাৰ কৰা যায়।
১৪১। ওপৰত কোৱাৰ দৰে, বাক্যৰ প্ৰথম ভাগত যেনে অব্যয় শব্দ থাকিলে, দ্বিতীয় ভাগত তেনে ব্যৱহাৰ হয়। যেনে, যেনে কুকুৰ তেনে টাঙ্গন।