বস্তুৰ নাম নাথাকে, গৰাকীৰ নামতেই ৰিজনিৰ কৈ যোগ
হয়। যেনে, মোতকৈ তোমাৰ আখৰ ভাল, হৰিতকৈ
গোলাপৰ ঘৰ দূৰৈ।
১৩৪। ৰিজোৱা বস্তু দুটা জনা থাকিলে, কেতিয়াবা সিহঁতৰ উল্লেখ নহয়েই, কেৱল গৰাকীৰ নাম মাথোন উল্লেখ হয়। যেনে, মোতকৈ তোমাৰ ভাল, হবিতকৈ গোপালৰ দূৰৈ। কেতিয়াবা নামত তদ্ধিতৰ টো যোগ হয়। যেনে, হৰিৰটোতকৈ গোপালৰটো দূৰৈ।
১৩৫। মাত্ৰ শব্দ বিশেষণ আৰু ক্ৰিয়া বিশেষণ, দুয়ো ৰূপে ব্যৱহাৰ হয়। বিশেষণৰূপে ব্যৱহাৰ হলে, যাৰ বিশেষণ তাৰ এটাইবিলাকক বুজায়, আৰু বিশেষ্য পদৰ পাচত থাকে। মাত্ৰ বিশেষণ পাচত থকা পদ অকৰ্ম্মক ক্ৰিয়াৰ কৰ্ত্তা হলেও, তাৰ বিভক্তি নুগুচে। যেনে, কণী পৰা জন্তু মাত্ৰে, আহাৰ গিলি খায়। উদ্ভিদকে আদি কৰি প্ৰাণী মাত্ৰে শোৱে।
১৩৬। মাত্ৰ ক্ৰিয়া বিশেষণৰূপে ব্যৱহাৰ হলে, তাৰ অৰ্থ মাথোন হয়। যেনে, প্ৰাণীৰ ভিতৰত উদ্ভিদে মাত্ৰ লৰিচৰি ফুৰিব নোৱাৰে, এই গাঁৱত গোপালৰ ঘৰত মাত্ৰ দশম পুথি আছে।
১৩৭৷ একেটা বাক্যত নহয় বা নাই বুজুৱা ন্ দুটা থাকিলে, তাৰ অৰ্থ বিপৰীত হয়। যেনে, সি ব্যাকৰণ নজনা নহয়, অৰ্থাৎ জানে; মই নগৈ নাথাকোঁ, অৰ্থাৎ যাম।