১৪২। বাক্যৰ প্ৰথম ভাগত যেতিয়া শব্দ থাকিলে, দ্বিতীয় ভাগত তেতিয়া ব্যৱহাৰ হয়। যেনে, যেতিয়া সি আহে তেতিয়৷ মোক খবৰ দিবি।
১৪৩। বাক্যৰ প্ৰথম ভাগত যিমান শব্দ থাকিলে, দ্বিতীয় ভাগত সিমান বা তিমান ব্যৱহাৰ হয়। যেনে, যাৰ যিমান পাপ, তাৰ সিমান শাস্তি।
বচন সঙ্গতি।
১৪৪। বিশেষণ পদ দুবাৰ উক্ত হলে, তাৰ বিশেষ্য পদ বহুবচনৰ হয়। সৰু সৰু লৰাবিলাক, ছুটি ছুটি শব্দবোৰ।
১৪৫। সৰহ বুজাবলৈ বিশেষণ পদ দুবাৰ উক্ত হলেও, কেতিয়াবা বিশেষ্য পদত বহুবচনৰ চিন যোগ নহয়, কিন্তু সি বহুবচনৰ ভাব বুজায়, আৰু তাৰ সলনি ব্যৱহাৰ হোৱা সৰ্ব্বনাম বহুবচনৰ হয়। যেনে, বৰ বৰ লোকৰ বৰ বৰ ভাগ, সৰুৱে তেওঁবিলাকৰ সমান কেনেকৈ পাব?
১৪৬৷ সংখ্যাবাচক শব্দ আগত থাকিলে, সংজ্ঞা শব্দত বহুবচনৰ চিন যোগ নহয়। যেনে, দহোটা মানুহ, পাঁচোটা লৰা।
১৪৭৷ জাতি বা সমূহ বুজালে, একবচনৰ পদেই বহুবচনৰ ভাব বুজায়, আৰু তাৰ সলনি ব্যৱহাৰ হোৱা সৰ্ববনাম বহুবচনৰ হয়। যেনে, বাঘে কেতিয়াও পোহ নলয়, এতেকে সিহঁতক পুহিবলৈ চেষ্টা কৰা বৃথা।