৯৭। কোনো অতীত কালত হৈ যোৱা ক্ৰিয়াৰ ফল বৰ্ত্তমান সময়লৈকে থাকিলে, তাক প্ৰকাশ কৰিবলৈ স্বৰূপ- বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, মই জাপানী মাটিকঠাল খাইছো, সি কেনে মই জানো। ইয়াত, খোৱা ক্ৰিয়া কোনো অতীত কালত হৈছে, কিন্তু সেই মাটিকঠালৰ সোৱাদ, আকাৰ প্ৰকাৰ সকলো আজিলৈকে মোৰ মনত আছে, সেই দেখি স্বৰূপ বৰ্তমান কালৰ ক্ৰিয়া খাইছোঁ ব্যৱহাৰ হৈছে। শকুন্তলা নাট কালিদাসে লিখিছে। ইয়াতো, লিখা ক্ৰিয়া কোনো অতীত কালত হৈ গলেও, তাৰ ফল এতিয়ালৈকে আছে, সেই দেখি স্বৰূপ বৰ্তমান কালৰ ক্ৰিয়া লিখিছে ব্যৱহাৰ হৈছে।
১৮। কেতিয়াবা ইব প্ৰত্যয়ান্ত পদৰ পাচত লাগ্ ধাতুৰ ক্ৰিয়া যোগ দি স্বৰূপ বৰ্ত্তমান কাল প্ৰকাশ কৰা হয়। যেনে, সি পঢ়িব লাগিছে, অৰ্থাৎ পঢ়ি আছে।
৯৯। ইব প্ৰত্যয়ান্ত পদত লৈ যোগ দি, তাৰ পাচত লাগ্ ধাতুৰ ক্ৰিয়া ব্যৱহাৰ কৰিলে, ক্ৰিয়া আৰম্ভ কৰা বুজায়। যেনে, সি পঢ়িবলৈ লাগিছে।
১০০। সিদ্ধা ক্ৰিয়াৰ বাক্য শেষ নহয়। সেই দেখি সিদ্ধা ক্ৰিয়াৰ পাচত সদায় এটা সাধ্যা ক্ৰিয়া ব্যৱহাৰ হয়। যেনে, সি ভাত খাই শুলে। ইয়াত, খাই সিদ্ধা ক্ৰিয়া, শুলে সাধ্যা, শুলে ক্ৰিয়াৰ দ্বাৰা বাক্যটো শেষ কৰা হৈছে।
১০১। প্ৰশ্ন বাক্যত নে অব্যয়ৰ পাচত ভবিষ্যৎ কালৰ সলনি নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, তুমি আজি
১৭