পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
বহল ব্যাকৰণ।

যাবা নে নোযোৱা, সি আজি যাব নে নাযায়। এনেকুৱা প্ৰশ্নৰ উত্তৰতো নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, মই নাযাওঁ, সি নাযায়। কিন্তু যোৱা বিষয়ত উত্তৰ দিওঁতাৰ সন্দেহ থাকিলে, ভবিষ্যৎ কাল ব্যৱহাৰ হয় আৰু তাৰ পাচত হবলা শব্দ যোগ হয়। যেনে, মই নাযাম হবলা, সি নাযাব হবলা।


বিশেষ্য আৰু বিশেষণ পদৰ সঙ্গতি।

 ১০২। বিশেষণ পদ সদায় বিশেষ্যৰ আগত থাকে। যেনে, থুলন্তৰ পুৰুষ, বিতোপন ফুল, ৰূপহী ছোৱালী।

 ১০৩। বিশেষণ পদ বিশেষৰূপে দেখুৱাব লাগিলে, সি বিশেষ্য পদৰ পাচলৈ যায়। যেনে, বগলী বগা, কাউৰী কলা, জাপানী কঁটিয়া, পাবদ ধাতু জুলীয়া৷

 ১০৪। কেতিয়াবা কেইবাটাও পদ গোট খাই এটা বিশেষণ হয়। যেনে, হাতে কটা সূতাৰে ঘৰত বোৱা কাপোৰ। ইয়াত, হাতে কটা সূতাৰে ঘৰত বোৱা, এই গোটেই ফাঁকি কথা কাপোৰৰ বিশেষণ হৈছে।

 ১০৫। এটা বাক্যৰ ভিতৰত ভিন ভিন বিশেষ্যৰ ভিন ভিন বিশেষণ থাকিলে, সেই বিশেষ্যবিলাকৰ প্ৰত্যেকৰ আগত এটা, এজন, এগৰাকী আদি কথা থাকে। যেনে, কালি আমাৰ ঘৰলৈ এজন বৰ বিদ্যাৱন্ত আৰু এজন বৰ আঢ্যৱন্ত মানুহ আহিল। এই বাক্যটোত মানুহ দুজন বুলি