৯২। ক্ৰিয়া কৰা নিশ্চয় হলে ভবিষ্যৎ কালৰ সলনি নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, কমলা কালিলৈ কলিকতালৈ যায়।
৯৩। ভূত কালৰ কোনো ঘটনা বৰ্ণনা কৰিবলৈ হলে, তাত নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, বিদেশী জাতিৰ ভিতৰত ভাৰতলৈ আদিতে গ্ৰীক আহে, তাৰ পাচত ওলন্দাজ আহে, তাৰ পাচত স্পেনিয়াৰ্ড আহে, তাৰ পাচত মুছলমান আহে, তাৰ পাচত ফৰাচী আহে, সবশেহত ইংৰাজ আহে, আৰু এই সকলোবিলাক জাতিয়েই ভাৰতত বেহা বেপাৰ কৰি থাকিবলৈ একো ডুখৰি ঠাই যুগুত কৰি লয়।
৯৪। কৃতৰ ই প্ৰত্যয়ান্ত সিদ্ধা ক্ৰিয়াৰ পাচত সকলো কালৰ সাধ্যা ক্ৰিয়া থাকিব পাৰে। যেনে, সি খাই শোৱে, সি শুই ভাবিছিল, সি শুই উঠি যাব, মই খাই আহিছোঁ, সি খাই আহিলহেঁতেন।
৯৫। কৃতৰ ইলত প্ৰত্যয়ান্ত সিদ্ধা ক্ৰিয়াৰ পাচত কেৱল স্বৰূপ বৰ্ত্তমান, স্বৰূপ ভূত, আৰু অপূৰ্ণ ভূত কালৰ সাধ্যা ক্ৰিয়া মাথোন থাকে। যেনে, সি শুলত মই আহিছোঁ, মই আহিলত সি গল, তই গলত সি আহিছিল।
৯৬। কৃতৰ ইলে প্ৰত্যয়ান্ত সিদ্ধা ক্ৰিয়াৰ পাচত কেৱল নিত্য বৰ্ত্তমান, সাম্ভব্য ভূত, আৰু ভবিষ্যৎ কালৰ সাধ্যা ক্ৰিয়া মাথোন থাকে। যেনে, তেওঁ ওলাই গলে মই পঢ়োঁ; লৰাৰ হাই উৰুমি মৰিলে মই শুলোঁহেঁতেন; সি গলে মই যাম।