৫৬। অকৰ্ম্মক ক্ৰিয়াৰে সৈতে সম্বন্ধ হোৱা সংজ্ঞা আৰু সৰ্ব্বনাম শব্দত সপ্তমী বিভক্তিৰ অত যোগ হয়। যেনে, পাটীত শুইছোঁ, পিৰাত বহিছোঁ, ঘৰত আছোঁ।
৫৭। সপ্তাহৰ দিন বুজুৱা বাৰ শব্দত সপ্তমীৰ অত বিভক্তিৰ ঠাইত এ হয়। যেনে, দেওবাৰে যাম, সোমবাৰে আহিবি।
৫৮। তাৰিখ শব্দত সপ্তমীৰ অত বা তাৰ সলনি এ হয়। যেনে, বহাগৰ বাৰ তাৰিখত, বা বহাগৰ বাৰ তাৰিখে।
৫৯। দিন শব্দে দিনৰ ভাগ বুজালে, তাত সপ্তমীৰ অত থাকে। যেনে, দিনত শোৱা অযুগুত।
৬০। ৰাতি শব্দে ৰাতিৰ ভাগ বুজালে, তাত অত নাথাকে। যেনে, সি ৰাতি আহিছিল, ৰাতি শ্ৰাদ্ধ কৰা নিষেধ।
৬১। বিশেষৰূপে দেখুৱালে, কেতিয়াবা ৰাতি শব্দৰ অত থাকে। যেনে, সি ৰাতিতে আহি ৰাতিতে গল।
৬২। সেই সময়ৰ শেষত, এই অৰ্থত দিন, বাৰ, মাহ আদি সময় বুজুৱা শব্দ ব্যৱহাৰ হলে, সিহঁতৰ সপ্তমীৰ অত নুগুচে। যেনে, সি মাহত এশ ৰূপ পায়, অৰ্থাৎ মাহেকৰ শেষত পায়, বছৰত বাৰ মাহ থাকে, অৰ্থাৎ বছৰৰ শেষত বাৰ মাহ পূৰ হয়। সেইদৰে, ছমাহত পুথিখন লিখা হল, চাৰি বছৰত তিনি হেজাৰ ৰূপ আয় হল, দহ মাহ দহ দিনত লৰা ওপজে।