৬৩। সেই সময় ব্যাপি, এই অৰ্থত দিন, বাৰ, মাহ আদি সময় বুজুৱা শব্দ ব্যৱহাৰ হলে, সিহঁতৰ সপ্তমীৰ অত গুচে। যেনে, এদিন আছিলোঁ, অৰ্থাৎ এদিন ব্যাপি আছিলোঁ। ছবছৰ খাটিলোঁ, অৰ্থাৎ ছবছৰ ব্যাপি খাটিলোঁ। কুম্ভকৰ্ণে বাৰ বছৰ শুইছিল, অৰ্থাৎ বাৰ বছৰ জুৰি শুইছিল।
৬৪। বিনা বা বিনে শব্দৰ যোগত কোনো সংজ্ঞা শব্দত সপ্তমীৰ অত হলে, সেই অত কেতিয়াবা গুচে। যেনে, ধন বিনা বা ধন বিনে কোনো কাম সিদ্ধ নহয়। পদ্যত প্ৰায় সদায় গুচে। যেনে, হৰি বিনে উদ্ধাৰৰ নাহিকে উপায়।
৬৫। যুক্ত শব্দৰ যোগত কোনো সংজ্ঞা শব্দত তৃতীয়া বিভক্তি হলে, যুক্ত শব্দ লোপ হয়। যেনে, দীঘল জঁটাৰে যুক্ত সন্ন্যাসীজন, দীঘল জঁটাৰে সন্ন্যাসীজন। সেই দৰে, জুটুলা চুলিৰে তিৰোতা জনী, ঘুৰণীয়া মুখেৰে লৰাটো।
৬৬। হতুৱাই শব্দ কেৱল সজীব বস্তুৰ নামৰ পাচতহে ব্যৱহাৰ হয়, আৰু তাৰ পাচত এটা পাঁচনী ক্ৰিয়া থাকে। যেনে, গোপালৰ হতুৱাই চিঠিখন লিখোৱা হল, আজিকালি বান্দৰৰ হতুৱাই ছাপাখানাত আখৰ বচোৱা হয়।
৬৭। দ্বাৰা শব্দ প্ৰাণীৰ নাম আৰু নিৰ্জীব বস্তুৰ নাম, দুয়োৰো পাচত ব্যৱহাৰ হয়। প্ৰাণীৰ নামৰ পাচত ব্যৱহাৰ হলে, তাৰ পাচত এটা পাঁচনী ক্ৰিয়া থাকে, নিৰ্জীব বস্তুৰ