এই সকল আদি বিশেষণ সৰ্ব্বনাম থাকিলে, সংজ্ঞা শব্দৰ কাৰকেই বিশেষণ সৰ্ব্বনামৰে৷ কাৰক হয়, আৰু বিভক্তি কেৱল বিশেষণ সৰ্ব্বনামত থাকে। যেনে, গছ, লতা, বন এইবিলাকক উদ্ভিদ্ বোলে; বাই ভনী, ককাই ভাই, এই সকলো তোমাৰ মৰমৰ পাত্ৰ; লৰা বুঢ়া, মতা মাইকী, সকলোৱে তাক গৰিহণা দিছিল।
আন আন কাৰক আৰু ক্ৰিয়াৰ সঙ্গতি।
৫৪। সম্বন্ধ আৰু সম্বন্ধী পদৰ ভিতৰত সম্বন্ধী সংজ্ঞা শব্দ কেতিয়াবা লোপ হয়, আৰু তাৰ ঠাইত তদ্ধিতৰ টো, জন আদি প্ৰত্যয় মাথোন থাকে। আগত উক্ত থাকিলে, সম্বন্ধ আৰু সম্বন্ধী দুয়ো সংজ্ঞা শব্দ লোপ হয়, কেৱল সিহঁতৰ তদ্ধিত প্ৰত্যয় কেইটাহে থাকে। যেনে, ভাল কাপটো হেৰাল, বেয়াটোহে আছে; ভাল শিক্ষকজন গল, বেয়াজন ৰল। কিন্তু কাপ বা শিক্ষকৰ বিষয়েহে যে কোৱা হৈছে, এই কথা জনা থাকিলে, তেতিয়৷ ভালটো হেৰাল, বেয়াটো আছে; ভালজন গল, বেয়াজন ৰল, এনেকুৱা হয়।
৫৫। যিবিলাক ক্ৰিয়া সকৰ্ম্মক আৰু অকৰ্ম্মক, দুয়ো ৰূপে ব্যৱহাৰ কৰিব পাৰি, সিহঁতৰ লগত সম্বন্ধ হোৱা সংজ্ঞা আৰু সৰ্ব্বনাম শব্দত দ্বিতীয়া বিভক্তিৰ অক বা সপ্তমী বিভক্তিৰ অত হয়। যেনে, আপোনাক খাটোঁ বা আপোনাত খাটোঁ।