আগত থাকে। যেনে, মই বজাৰলৈ যাওঁতে তাক দেখিছিলোঁ। বজাৰলৈ যাওঁতে মই তাক দেখিছিলোঁ, এনেকুৱা হলে, কোন যাওঁতে, সি যাওঁতে নে মই যাওঁতে, এই কথা অস্পষ্ট হৈ থাকে।
ক্ৰিয়া আৰু কৰ্ম্মৰ সঙ্গতি।
৩৯। সকৰ্ম্মক ক্ৰিয়াৰ এটা বা অধিক কৰ্ম্ম পদ থাকে। কৰ্ম্ম পদবাক্যত প্ৰকাশ বা উহ্য থাকিব পাৰে।
৪০। সকৰ্ম্মক ধাতুৰ পৰা উৎপন্ন হোৱা কৃদন্ত ক্ৰিয়াৰো কৰ্ম্ম পদ থাকে। যেনে, ৰুগীয়া মানুহৰ পক্ষে মাংস ভোজন অযুগুত। ইয়াত, ভোজন সকৰ্ম্মক ধাতুৰ পৰা উৎপন্ন হোৱা কৃদন্ত পদ, তাৰ কৰ্ম্ম মাংস। সেইদৰে, পুথি পঢ়োঁতে তাৰ খোকোজা লাগে। ইয়াতো, পঢ়োঁতে সকৰ্ম্মক ধাতুৰ পৰা উৎপন্ন হোৱা কৃদন্ত পদ, তাৰ কৰ্ম্ম পুথি।
৪১। সংজ্ঞা শব্দ বা সৰ্ব্বনাম সকৰ্ম্ম ক্ৰিয়াৰ কৰ্ম্ম হয়। কেতিয়াবা ভাববাচ্যৰ কৃদন্ত পদো বাক্যত কৰ্ম্ম হৈ বহে। যেনে, এপালি দৰবেই তাৰ মূৰ ফুৰণি গুচালে। ইয়াত, ফুৰণি ভাববাচ্যৰ কৃদন্ত পদ, সি গুচালে ক্ৰিয়াৰ কৰ্ম্ম হৈছে।
৪২। কেতিয়াবা এটা সম্পূৰ্ণ বাক্যও সকৰ্ম্মক ক্ৰিয়াৰ কৰ্ম্ম হয়। যেনে, মই বোলোঁ, মই নেযাওঁ। ইয়াত, ‘মই নেযাওঁ’ বাক্যটো বোলোঁ ক্ৰিয়াৰ কৰ্ম্ম হৈছে। সেইদৰে,