সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
বহল ব্যাকৰণ।

সি কৈছিল যে গোপালে হেনো আজিলৈকে তাৰ অৱস্থাৰ উন্নতি কৰিব পৰা নাই। ইয়াত, ‘যে গোপালে * * * *’ বাক্যটো কৈছিল ক্ৰিয়াৰ কৰ্ম্ম।

 ৪৩। বাক্য এটা ক্ৰিয়াৰ কৰ্ম্ম হলে, তাৰ আগত অব্যয় যে, বা ক্ৰিয়াটোৰ কৰ্ত্তাৰ পুৰুষ অনুসাৰে বোলোঁ, বোলা, বা বোলে শব্দ থাকে। যেনে, মই বোলোঁ মই নেযাওঁ, তুমি বোলা তুমি নোযোৱা, সি বোলে সি নেযায়; বা মই বোলো নেযাওঁ, তুমি বোলা নোযোৱা, সি বোলে নেযায়। আৰু, তুমি কোৱা যে তেওঁ লিখা কিতাপখন লৰাই পঢ়িবলৈ বেয়া; ইত্যাদি।

 ৪৪। সাধাৰণ সংজ্ঞাবোধক শব্দ ক্ৰিয়াৰ কৰ্ম্ম হলে, তাৰ শেষৰ দ্বিতীয়া বিভক্তিৰ অক গুচে। যেনে, চৰাই মাৰিলে, মানুহ বধিলে, ভাত খালে, কিতাপ পঢ়িলে, ইত্যাদি।

 ৪৫। সাধাৰণ সংজ্ঞাবোধক কৰ্ম্ম পদৰ শেষত তদ্ধিতৰ টো, জন, আৰু গৰাকী প্ৰত্যয় থাকিলে, তাৰ বিভক্তি নুগুচে। যেনে, চৰাইটোক মাৰ, মানুহটোক, মানুহজনক বা মানুহ গৰাকীক মাত।

 ৪৬। সাধাৰণ সংজ্ঞাবোধক কৰ্ম্ম পদ যদি নিৰ্জীব বস্তু হয়, তেন্তে তদ্ধিত প্ৰত্যয় থাকিলেও তাৰ বিভক্তি গুচে। যেনে, বাঁহটো কাট, কিতাপখন পঢ়, চেনিফেৰা নেপেলাবি।

 ৪৭। বিশেষ সংজ্ঞাবোধক শব্দ বা সৰ্ব্বনাম কৰ্ম্ম পদ হলে, তাৰ বিভক্তি নুগুচে। যেনে, শিৱক পূজিলে পুত্ৰলাভ