নিজ শব্দৰ বিভক্তি নুগুচে। যেনে, মই নিজে যাম, সি নিজে কৰিব।
৩৫। কেতিয়াবা দুটা বা অধিক বিশেষ্য পদৰ একে কাৰক হয়। তেনে পদবিলাকক সমকাৰক বোলা যায়। সমকাৰকৰ প্ৰথমটোৰ বিভক্তি গুচে, শেষৰটোত মাথোন থাকে। যেনে, মহাৰাজ জৰ্জ্জৰ আজ্ঞা, মহামহোপাধ্যায় স্বৰ্গীয় ধীৰেশ্বৰ ভট্টাচাৰ্য্যই বছেৰেকত এশ ৰূপ সম্মানী পাইছিল, মল্ল ৰামমূৰ্ত্তিক কেওঁ বলে নোৱাৰে, মহাপুৰুষ শঙ্কৰদেৱে ১৩৭১ শঁকত বৈকুণ্ঠ প্ৰয়াণ কৰে।
৩৬। সমকাৰকৰ প্ৰথম পদ সৰ্ব্বনাম হলে, তাৰ বিভক্তি নুগুচে। যেনে, আমি দুয়োজনে, আমাক দুয়োজনক, আমাৰ দুয়োজনৰ, তাক মহাপাপীক, তাক সিয়নিত শোৱাক। কিন্তু তই মহাপাপীক, সি সিয়নিত শোৱাক, এনেকুৱাও হয়।
৩৭। হাঁহ, কান্দ, কাহ, নাচ, হাগ, মুত, গাঁজ, ওমল, হাঁচিয়া আদি কেতবিলাক অকৰ্ম্মক ক্ৰিয়াৰ, আৰু নামধাতুৰ ক্ৰিয়াৰ কৰ্ত্তাৰ বিভক্তি নুগুচে। যেনে, গোপালে হাঁহিছে, কান্দিছে, কাহিছে, নাচিছে। লৰাই হাগিছে, মুতিছে, উমলিছে, হাঁচিয়াইছে। মেঘে গাঁজিছে, বেঙে কোৰ্কোৰাইছে, পেটে খিল্খিলাইছে, হৰিয়ে ৰিঙিয়াইছে।
৩৮। কৃতৰ ওঁতে প্ৰত্যয়ান্ত সিদ্ধা ক্ৰিয়া আৰু আন কোনো সাধ্যা ক্ৰিয়াৰ একেটা কৰ্ত্তা হলে, সি সিদ্ধা ক্ৰিয়াৰ