যি পুৰুষ আৰু বচন, ক্ৰিয়াৰে৷ সেই পুৰুষ আৰু বচন হয়। যেনে, গোপাল শুলে, গোপালে পঢ়িছে, আমি পুথি পঢ়িছোঁহঁক।
৭। যি বাক্যত কৰ্ম্ম প্ৰধান হৈ বহে, তাক কৰ্ম্মবাচ্যৰ বাক্য বোলে। এই বাচ্যত কৰ্ম্মত প্ৰথমা বিভক্তি আৰু কৰ্ত্তাত তৃতীয়া বিভক্তি হয়, আৰু ক্ৰিয়া কৃদন্ত হয়, আৰু হ বা যা ধাতুৰ সাধ্যা ক্ৰিয়াৰে বাক্য পূৰণ হয়। যেনে, পুথিখন গোপালৰ দ্বাৰা লিখা হৈছে। ইয়াত, গোপালে পুথিখন লিখিছে, এই বাক্যটোক লুটিয়াই কোৱা হৈছে। পুথিখন যথাৰ্থত কৰ্ম্মপদ, গোপাল কৰ্ত্তা, এতেকে গোপাল ১ মা, বি, ১ব আৰু পুথিখন দ্বি, বি, ১ব হব লাগিছিল। কিন্তু লুটিয়াই দিয়া বাক্যটোত পুথিখন ১মা, বি, ১ব হৈছে, আৰু গোপালত ৩য়া, বি, ১ব হৈছে, আৰু লিখিছে ক্ৰিয়াৰ ঠাইত তাৰ ভাববাচ্যৰ কৃদন্তৰূপ ‘লিখা’ ব্যৱহাৰ হৈছে। বাক্যৰ শেষত হ ধাতুৰ সাধ্যাৰূপ ‘হৈছে’ আছে, তাৰ দ্বাৰায় বাক্য পূৰণ হৈছে।
কৰ্ম্মবাচ্যৰ বাক্যত কেতিয়াবা কৰ্ত্তা উহ্য থাকে। যেনে, নাম ধৰা হল (আমাৰ দ্বাৰায়, উহ্য), গুৰুসেৱা কৰা হল (মোৰ দ্বাৰায়, উহ্য)।
কোনো কোনো কৰ্ম্মবাচ্যৰ বাক্যত কৰ্ত্তা উহ্যও নাথাকে, কৰ্ম্মই কৰ্ত্তা যেন হয়। যেনে, কাৰো মাত কতো নুশুনি, দিনত তৰা নেদেখি। ইয়াত মাত, নুশুনি ক্ৰিয়াৰ আৰু তৰা,