পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাদশ অধ্যায়।
⸺:✱:⸺
বাক্যবিন্যাস প্ৰকৰণ।

 ১। দুটা বা অধিক পদ গোট খাই এটা কথা বুজালে, তাক বাক্য বোলে।

 ২। বাক্য দুবিধ—পূৰ্ণ বাক্য আৰু খণ্ড বাক্য।

 ৩। যি বাক্যত এটা কথা সম্পূৰ্ণৰূপে প্ৰকাশ পায়, তাক পূৰ্ণ বাক্য বোলে।

 ৪। যি বাক্যত এটা কথাৰ এক খণ্ড মাথোন প্ৰকাশ পায়, তাক খণ্ড বাক্য বোলে। খণ্ড বাক্যৰ বিশেষ বিবৰণ পাচত দিয়া যাব।

বাক্যৰ বাচ্য।

 ৫। প্ৰত্যেক পূৰ্ণ বাক্যৰ পদসঙ্গতি তিনি প্ৰকাৰ। এই পদসঙ্গতিক বাক্যৰ বাচ্য বোলা যায়। এতেকে বাক্যৰ বাচ্য তিনি বিধ:— কৰ্ত্তৃবাচ্য, কৰ্ম্মবাচ্য আৰু ভাববাচ্য।

 ৬৷ যি বাক্যত কৰ্ত্তা প্ৰধান হৈ বহে, তাক কৰ্ত্তৃবাচ্যৰ বাক্য বোলে। এই বাচ্যত কৰ্ত্তাত প্ৰথমা বিভক্তি হয়, বাক্যত কৰ্ম্ম থাকিলে, তাত দ্বিতীয়া বিভক্তি হয় আৰু কৰ্ত্তাৰ