নেদেখি ক্ৰিয়াৰ কৰ্ত্তা যেন হৈছে। যথাৰ্থত এনেবিলাক ক্ৰিয়াক কৰ্ত্তাহীন ক্ৰিয়া বুলিব পাৰি।
৮। যি বাক্যত ক্ৰিয়া প্ৰধান হৈ বহে, আক সেই ক্ৰিয়া ভাববাচ্যৰ কৃদন্ত পদ হৈ বাক্যৰ সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা হয়, তাক ভাববাচ্যৰ বাক্য বোলে। যেনে, পঢ়া হল, দিয়া গল। ইয়াত, পঢ়া আৰু দিয়া ভাববাচ্যৰ কৃদন্ত পদ, সিহঁত হল আৰু গল সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা হৈছে।
৯। ভাববাচ্যৰ বাক্যত আচল কৰ্ত্তা আৰু কৰ্ম্ম প্ৰকাশ থাকিলে, কৰ্ত্তাত ষষ্ঠী বিভক্তি হয়, আৰু কৰ্ম্ম তাৰ আপোন বিভক্তিত, অৰ্থাৎ দ্বিতীয়া বিভক্তিত থাকে। যেনে, গোপালৰ পুথি পঢ়া হল, অৰ্থাৎ গোপালে পুথি পঢ়ি অঁতালে। গোপাল কৰ্ত্তা, কিন্তু ভাববাচ্যৰ বাক্যটোত গোপালত ষষ্ঠি বিভক্তি হৈছে, আৰু পঢ়ি ক্ৰিয়াৰ ভাববাচ্যৰ কৃদন্ত পদ ‘পঢ়া’, হল সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা হৈছে। পুথি কৰ্ম্মপদ, সি: দ্বিতীয়া বিভক্তিত আছে।
কৰ্ত্তা আৰু ক্ৰিয়াৰ সঙ্গতি।
১০। বাক্যত কৰ্ত্তা প্ৰথমত, কৰ্ম্ম দ্বিতীয়ত আৰু ক্ৰিয়া শেষত থাকে। যেনে, গোপালে পুথি পঢ়িছে।
১১৷ বাক্যত কৰ্ম্ম নাথাকিলে, অৰ্থাৎ ক্ৰিয়া অকৰ্ম্মক হলে, কৰ্ত্তা প্ৰথমত আৰু ক্ৰিয়া শেষত থাকে। যেনে, গোপাল শুলে।