তদ্ধিত প্ৰত্যয়ৰ ভিতৰত এটা আলু প্ৰত্যয় আছে। এই আলু ভিন। এই আলু ধাতুত যোগ হয়। তদ্ধিতৰ আলু শব্দত যোগ হয়। যেনে, (তদ্ধিত) দয়া+আলু=দয়ালু।
ঘুৰ।
৬৬। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত ভাস্, ভন্জ্ আদি ধাতুত্ ঘুৰ প্ৰত্যয় হয়। ঘ ইৎ যায়, উৰ থাকে। যেনে, ভনজ—ভঙ্গুৰ, ভাস্—ভাসুৰ।
উ।
৬৭। ইষ্, ভিক্ষ্, আদি ধাতুৰ পাচত আৰু সনন্ত ধাতুৰ পাচত, কৰ্ত্তৃবাচ্যত উ প্ৰত্যয় হয়। প্ৰত্যয় হলে, ইষ্ ধাতুৰ ঠাইত ইচ্ছ হয়। যেনে, ইষ্—ইচ্ছু, ভিক্ষ্—ভিক্ষু। মনন্ত, পিপাস্—পিপাসু, জিজ্ঞাস্—জিজ্ঞাসু, মুমুৰ্ষ—মুমুৰ্ষু।
ঊক।
৬৮। স্বভাৱ বুজাবলৈ কৰ্তৃবাচ্যত জগৃ আদি ধাতুত ঊক প্ৰত্যয় হয়। যেনে, জাগৃ—জাগৰূক।
৬৯। ভী আৰু শৎ ধাতুত কৰ্ত্তৃবাচ্যত ক্ৰু প্ৰত্যয় হয়। ক্ ইৎ যায়, ৰু থাকে। যেনে, ভী—ভীৰু, শৎ—শত্ৰু।
ডু।
৭০। উপসৰ্গ বা কোনো পদ আগত থাকিলে, কৰ্ত্তৃবাচ্যত ভূ ধাতুত ডু প্ৰত্যয় হয়। ড ইৎ যায়, উ থাকে।