ইষ্ণু।
৬১। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত সহ, বৰ্দ্ধ, চন্ আদি ধাতুৰ পাচত ইষ্ণু প্ৰত্যয় হয়। যেনে, সহ—সহিষ্ণু, বৰ্দ্ধ— বৰ্দ্ধিষ্ণু, চন্—চনিষ্ণু।
ৰ।
৬২। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত, নম্, হিন্ স্ আদি ধাতুৰ পাচত ৰ প্ৰত্যয় হয়। যেনে, নম—নম্ৰ, হিন্স্— হিংস্ৰ, অ—জস্—অজস্ৰ।
ক্ষ্বৰপ্, বৰচ্।
৬৩। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত, নশ্ আদি ধাতুত ক্ষ্বৰপ, আৰু ঈশ্ আদি ধাতুত বৰচ্, প্ৰত্যয় হয়। ক্ষ্, প্ চ, ইৎ যায়, দুয়োৰো বৰ থাকে। যেনে, নশ + ক্ষ্বৰপ =নশ্বৰ, ঈশ্ + বৰচ =ঈশ্বৰ, স্থা + বৰচ = স্থাবৰ।
ঞুক।
৬৪। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত, গম্, কম্ আদি ধাতুৰ পাচত ঞুক প্ৰত্যয় হয়। ঞ্ ইৎ যায়, উক থাকে যেনে, গম্—গামুক, কম্-কামুক, ভূ–ভাবুক, হন্—ঘাতুক। সাঃ নিঃ (ক) চোৱা।
আলু।
৬৫। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত দয় আদি ধাতুত আলু প্ৰত্যয় হয়। যেনে, দয়—দয়ালু, নি—দ্ৰা—নিদ্ৰালু, তন্—দ্ৰা—তন্দ্ৰালু।