যেনে, প্ৰ—ভু—প্ৰভু। শম্–ভূ-শম্ভূ, বি—ভু—বিভু, স্বয়ম্—ভূ-সয়ম্ভূ।
ঘঞ্।
৭১। ভাববাচ্যত আৰু কৰ্ত্তৃবাচ্যৰ বাজে আন কাৰক বাচ্যত ধাতুৰ পাচত ঘঞ্ প্ৰত্যয় হয়। ঘ্, ঞ্ ইৎ যায়, অ থাকে। যেনে, পচ্—পাক, ত্যাজ্—ত্যাগ, নশ্—নাশ, শুচ—শোক, ভুজ্,—ভোগ, ৰুজ্ —ৰোগ, বস্—বাস, শপ্— শাপ, তপ্ —তাপ, লভ্—লাভ, পঠ্ —পাঠ, ৰণ্জ্–(ইয়াৰ ন লোপ হয়) ৰাগ। ইয়াত এটাইবিলাক ধাতুত আদিত আ-কাৰ হৈছে। সাঃ নিঃ (ক) (খ) চোৱাঁ।
অল।
৭২। ভাববাচ্য আৰু কৰ্ত্তৃবাচ্যৰ বাজে আন কাৰক বাচ্যত ধাতুত অল প্ৰত্যয় হয়। ল ইৎ যায়, তা থাকে। যেনে, জি—জয়, লী—লয়, দ্ৰু—দ্ৰব, ভূ—ভব, ভী—ভয়, ৰুষ্—ৰোষ, তুষ্ —তোষ, ভিদ্—ভেদ, হৃষ্—হৰ্ষ। সাঃ নিঃ (ক) চোৱাঁ।
খল, অন (অনট)।
৭৩। সু আৰু দুৰ্ শব্দৰ পাচত থকা দৃশ, শাস্, যুধ ধাতুত কৰ্ম্মবাচ্যত খল আৰু অন প্ৰত্যয় হয়। খলৰ খ্ , ল্ ইৎ যায়, অ থাকে। যেনে সু—শাস্+ খল = সুশাস, সু শাস্+অন = সুশাসন। সেই দৰে, দুঃশাস দুঃশাসন, দুৰ্য্যোধ দুৰ্যোধন, সুদৰ্শ সুদৰ্শন।