খি,খ্য।
কেৱল ভৃ আৰু মন ধাতুত।
৪৭। কৰ্ম্মবাচক পদ আগত থাকিলে, কৰ্ত্তৃবাচ্যত, ভৃ ধাতুত খি, আৰু মন ধাতুত খ্য প্ৰত্যয় হয়। খ্ ইৎ যায়, ই আৰু য থাকে। যেনে, উদৰ—ভূ– উদৰম্ভৰি, আত্মন্—ভৃ —আত্মম্ভৰি, কৃতাৰ্থ—মন—কৃতাৰ্থন্মন্য। সাঃ নিঃ (ক) (ঙ) চোৱাঁ।
ড।
৪৮। কৰ্ম্মবাচক বা আন কোনো পদ আগত থাকিলে,
স্থা, দা, পা, জন আদি ধাতুত, কৰ্ত্তৃবাচ্যত ড প্ৰত্যয় হয়।
ড্ ইৎ যায়, অ থাকে। যেনে, পাদ—পা—পদপ, জল–দা
— জলদ, মধু—পা—মধুপ, মোক্ষ-দা—মোক্ষদা স্ত্ৰী, বৰ–দা
-বৰদ৷ স্ত্ৰী, পঙ্ক—জন—পঙ্কজ, অনু—জন–অনুজ, গৃহ–স্থা
—গৃহস্থ, বি—জ্ঞা—বিজ্ঞ, মধ্য—স্থা—মধ্যস্থ, ভুজ—গম—
ভুজগ, ত্বৰা—গম—তুৰগ। সেই দৰে, দ্বিজ, সৰোজ বা
সৰসিজ, শোকাপহ।
তুৰগ, বিহগ, পতগ. ভুজগ—ড প্ৰত্যয়েৰে সিদ্ধ। তুৰঙ্গ
তুৰঙ্গম, বিহঙ্গ বিহঙ্গম, পতঙ্গ পতঙ্গম, ভুজঙ্গ ভুজঙ্গম -খ
প্ৰত্যয়েৰে সিদ্ধ।
টক্।
কেৱল হন্ আৰু চৰ ধাতুত।
৪৯৷ অধিকৰণ কাৰকৰ কোনো পদ আগত থাকিলে,