কৰ্ত্তৃবাচ্যত চৰ্ ধাতুত টক প্ৰত্যয় হয়। ট্ ক্ ইৎ যায়, অ থাকে। যেনে, জলত চৰে, জল—চৰ্—জলচৰ। সেই দৰে, বনচৰ, সহচৰ, স্থলচৰ, নিশাচৰ, খেচৰ, ভূচৰ, উভচৰ।
৫০। টক্ প্ৰত্যয় হলে, হন্ ধাতুৰ ঠাইত ঘ্ন হয়। যেনে, শত্ৰুঘ্ন, কৃতঘ্ন, পাপঘ্ন, জ্বৰঘ্ন, গোঘ্ন, ত্ৰিদোষঘ্ন।
ক্বিপ্।
৫১। কৰ্ম্মবাচক পদ আগত থাকিলে, জি, বিদ্, ভুজ, নী আদি ধাতুত কৰ্ত্তৃবাচ্যত ক্বিপ্, প্ৰত্যয় হয়। তাৰ সকলো ইৎ যায়, একো নাথাকে। যেনে, বিজ্ঞান—বিদ্—বিজ্ঞানবিৎ, জ্যোতিঃ—বিদ্— জ্যোতিৰ্ব্বিৎ, ভূতত্ত—বিদ্—ভূতত্তবিৎ, ইন্দ্ৰ জি–ইন্দ্ৰজিৎ, শত্ৰু—জি—শত্ৰুজিৎ, ৰণ—জি—ৰণজিৎ, সৰ্ব্ব—ভুজ—সৰ্ববভুক, সেনা—নী—সেনানী।
৫২। উপমা দিলে, সংস্কৃত সৰ্ব্বনাম তদ্, যদ, এতদ্, ভবৎ, কিম্, ইদম্ আৰু সমান শব্দৰ পাচত থকা দৃশ্, ধাতুত কৰ্ম্মবাচ্যত ক্বিপ্ বা টক্ প্ৰত্যয় হয়। ইয়াতো ক্কিপ, গোটেই ইৎ যায়, টকৰ ট্ ক্ ইৎ যায়, অ থাকে। তদ্ আদিৰ দ্ লোপ হয় আৰু তাৰ আগৰ অ মৰি আ হয়, ইদমৰ ঠাইত ঈ আৰু কিমৰ ঠাইত কী হয়, ভবতৰ ঠাইত ভবা, আৰু সমানৰ ঠাইত স হয়। যেনে, তদ্—দৃশ,+ক্বিপ্=তাদৃক, তদ্— দৃশ+টক্=তাদৃশ। সেই দৰে, যাদৃক যাদৃশ, ঈদৃক ঈদৃশ, কীদৃক কীদৃশ, ভবাদৃক ভবাদৃশ, সদৃদক সদৃশ।