থাকে। যেনে, নৃৎ-নৰ্ত্তক, খন্—খনক, ৰন্জ্ ( ইয়াৰ ন্ লোপ হয় )—ৰজক।
ণনট্, থক।
কেৱল গা ধাতুত৷
৪৪। ব্যৱসায় বুজাবলৈ গা ধাতুত কৰ্ত্তৃবাচ্যত ণনট্ আৰু থক্ প্ৰত্যয় হয়। ণ্ ট্ ইৎ যায়, অন্ থাকে। যেনে, গা—গায়ন, গাথক।
খ।
৪৫। প্ৰিয়, বশ্ আদি শব্দৰ পাচত থকা বাদ্, ভূ, জি আদি ধাতুত কৰ্ত্তৃবাচ্যত খ প্ৰত্যয় হয়। খ্ ইৎ যায়, অ থাকে। যেনে, প্ৰিয়—বদ্—প্ৰিয়ংবদ, বশ—বদ—বশংবদ, বিশ্ব—ভৃ—বিশ্বস্তৰ, ধন—জি—ধনঞ্জয়। সেইদৰে, মৃত্যুঞ্জয়, ধুৰন্ধৰ, স্বয়ম্—বৃ—সয়ম্বৰা স্ত্ৰী, বসুন্ধৰা স্ত্ৰী। সাঃ নিঃ (ক) (ঙ) চোৱাঁ৷ খ প্ৰত্যয়েৰে সিদ্ধ হোৱা পদৰ স্ত্ৰীলিঙ্গত আ হয়। যেনে, প্ৰিয়ংবদা, বিশ্বম্ভৰা।
খট্।
কেৱল কৃ ধাতুত।
৪৬। ভয়, শুভ ক্ষেম শব্দৰ পাচত থকা কৃ ধাতুত, কৰ্ত্তৃবাচ্যত খট্ প্ৰত্যয়। খ্ ট্ ইৎ যায়, অ থাকে। যেনে ভয়—কৃ—ভয়ঙ্কৰ, শুভ—কৃ—শুভঙ্কৰ, ক্ষেম—কৃ—ক্ষেমঙ্কৰ। সাঃ নিঃ (ক) (ঙ) চোৱাঁ খট্ প্ৰত্যয়েৰে সিদ্ধ হোৱা পদৰ স্ত্ৰীলিঙ্গত ঈ হয়। যেনে, ভয়ঙ্কৰী, শুভঙ্কৰী, ক্ষেমঙ্কৰী।