তাৰ ক ইৎ যায় তি থাকে। যেনে, খ্যা—খ্যাতি, স্থা—স্থিতি, ই—ইতি, নী—নীতি, প্ৰী—প্ৰীতি, শ্ৰু—শ্ৰুতি, স্মৃ—স্মৃতি, স্তু—স্তুতি, শক্—শক্তি, বচ—উক্তি ,ভজ্ -ভক্তি, সৃজ্— সৃষ্টি, বুধ—বুদ্ধি, সিধ্—সিদ্ধি, মন্—মতি, তৃপ্—তৃপ্তি, দীপ্ —দীপ্তি, ক্লম্—ক্লান্তি, গম্—গতি, ভ্ৰম্—ভ্ৰান্তি, শম্—শান্তি, শ্ৰম্—শ্ৰান্তি, দৃশ্—দৃষ্টি, তুম্—তুষ্টি, পুষ—পুষ্টি, বৃষ,—বৃষ্টি।
ক্ৰিয়াৰ কৰ্ত্তাক বুজাবলৈ ধাতুত তৃন্, নক, নিন্, ঘিণুন, ষক, ণনট্, থক, খ, খট্, খি, খ্য, ড, টক্ ক্লিপ, ট আদি প্ৰত্যয় যোগ হয়। এই বিলাকৰ ভিতৰত তৃন্, ণক আৰু নিন্ সাধাৰণতঃ সকলো ধাতুত যোগ দিব পৰা যায়। আনবিলাক প্ৰত্যয় বিশেষ বিশেষ ধাতুতহে যোগ হয়। তৃন্ আৰু ণক প্ৰত্যায়া যে ইচ্ছা অনুসাৰে সকলো ধাতুত খাটে এনেও নহয়। কেতবিলাক ধাতুত তৃন্ প্ৰত্যয় আৰু কেতবিলাকত ণক প্ৰত্যয় হয়। কোনবিলাক ধাতুত তৃন্ হয়, আৰু কোনবিলাকত ণক হয়, সেই কথা অনেক কালৰ ব্যৱহাৰৰ পৰা স্থিৰ হৈছে। এতিয়া তাক লুটিয়াব নোৱাৰি। সেই দেখি কোন ধাতুত কি প্ৰত্যয় হয়, তাক ব্যৱহাৰৰ পৰা জানি লব লাগে।
তৃন্।
৩৫। কৰ্ত্তৃবাচ্যত ধাতুত তৃন্ (তৃচ্) প্ৰত্যয় হয়। ন্ ইৎ যায়, তৃ থাকে। যেনে, কৃ+তূন্=কৰ্ত্তৃ, ১ মা ১ ব কৰ্ত্তা। সেই দৰে, (সকলোবিলাক উদাহৰণ ১ মা ১ ব) ভুজ্—ভোক্তা, নী—নেতা, ধা—ধাতা, বি—ধা—বিধাতা, বচ—বক্তা, ত্ৰৈ—ত্ৰাতা (ত্ৰৈ দ্ৰৈ আদি ধাতু ত্ৰা দ্ৰা হয়),