উপ—দৃশ্—উপদেষ্টা, সৃজ্—স্ৰষ্টা, শ্ৰু—শ্ৰোতা, যুধ্— যোদ্ধা, বুধ্—বোদ্ধা, দা—দাত। সাঃ নিঃ ( ক ) চোৱাঁ।
৩৬। তৃন্ প্ৰত্যয় হলে, কোনো কোনো ধাতুৰ শেষত ই হয়। যেনে, ভু—ভবিতা, ৰচি—ৰচয়িতা, স্থাপি—স্থাপয়িতা। এই এটাই কেইটা নিজন্ত ধাতু।
ণক।
৩৭। কৰ্ত্তৃবাচ্যত ধাতুত ণক প্ৰত্যয় হয়। ণ ইৎ যায়, অক থাকে। যেনে, পচ্–পাচক, পঠ্—পাঠক, গ্ৰহ্— গ্ৰাহক, যাচ্—যাচক, দ্ৰু—দ্ৰাবক, পু—পাবক, নী—নায়ক, গৈ—গায়ক, ঘট্—ঘটক, হন্—ঘাতক, বচ্—বাচক, কৃ— কাৰক। নিজন্ত ধৃ অৰ্থাৎ ধাৰি ধাতু+ণক = ধাৰক। সেই দৰে, জনি—জনক, চালি—চালক, পালি—পালক। সেই দৰে, নিজন্ত পুষ—পোষক,নশ্—নাশক। সাঃ নিঃ (খ) (গ) চোৱাঁ।
ণিন্।
৩৮। কৰ্ত্তৃবাচ্যত ধাতুত ণিন্ প্ৰত্যয় হয়। ণ ইৎ যায়, ইন্ থাকে। যেনে, বদ্ + ণিন্= বাদিন, ১মা ১ব বাদী। সেই দৰে বস্—বাসী, প্ৰ—বাসী, অধি—বাসী, স্থা—স্থায়ী, ৰুধ্—ৰোধী বি—ৰোধী, দ্ৰুহ্—দ্ৰোহী বি—দ্ৰোহী।
৩৯। কৰ্ম্মবাচক পদ আগত থাকিলে, হন্ ধাতুত কৰ্ত্তৃবাচ্যত ণিন্ প্ৰত্যয় হয়। ধাতুৰ হ মৰি ঘ হয়, আৰু ন্ মৰি ৎ হয়। যেনে, পিতৃ+হন্ = পিতৃঘাতিন্, ১মা ১ব পিতৃ