অ দুয়ো মৰি ঋ হয়। যেনে, গ্ৰহ্—গৃহীত, প্ৰচ্ছ্—পৃষ্ট। ভ্ৰস্জ্, ধাতুৰ স্ লোপ হয়। যেনে, ভ্ৰস্জ্—ভৃষ্ট।
২৮। ক্ত প্ৰত্যয় হলে, হবা ধাতুৰ ঠাইত হূ হয়। যেনে, আ—হ্বা—আহূত।
২৯। ক্ত প্ৰত্যয় হলে, স্বপ্, বচ্ আদি ধাতুৰ ব মৰি উ হয়। যেনে, স্বপ্–সুপ্ত, বচ্—উক্ত।
৩০। শুষ্ ধাতুৰ পাচত প্ৰত্যয়ৰ ত মৰি ক, আৰু পচ্ ধাতুৰ পাচত ব হয়। যেনে, শুষ্—শুষ্ক, পচ্—পক্ক।
৩১। ক্ত প্ৰত্যয় হলে, গা, পা, হা আদি ধাতুৰ আ মৰি ঈ হয়। গা (গৈ)—গীত, পা—পীত, হা—হান।
৩২। ফুল্ল, ঋণ, নিৰ্ব্বাণ আদি শব্দ ক্ত প্ৰত্যয় কৰি অনিয়মিতৰূপে নিপাতনত সিদ্ধ।
৩৩। ক্ত প্ৰত্যয় কৰি সিদ্ধ হোৱা আৰু কেতবিলাক পদ
ইয়াত দিয়া হল। যেনে, কৰ্ত্তৃ—আ—সন্জ—আসক্ত,
স্তন্ভ--স্তব্ধ, নিস্তব্ধ, সম্—পদ—সম্পন্ন, বিপন্ন, প্ৰসদ
—প্ৰসন্ন, উৎ—বিজ—উদ্বিগ্ন, দী—দীন, শী—শয়িত, স্ফাৰ
—স্ফীত।
কৰ্ম্মবাচ্যৰ—কৃ—কৃত, ধৃ—ধৃত, লিখ্ — লিখিত, পঠ—
পঠিত, অৰ্চ্চি—অৰ্চ্চিত, পূজি—পূজিত, গাৰ্হি— গাৰ্হিত, ভন্ জ
—ভগ্ন, অ—ছাদি—আচ্ছন্ন।
ক্তি।
৩৪। ভাববাচ্যত সকলো ধাতুত ক্তি প্ৰত্যয় হয়।