যেনে, চল্ – চলৎ,জ্বল্ – জ্বলৎ, জীব্—জীবৎ, ভূ—ভবৎ,
ৰুদ্-ৰুদৎ।
বিদ্ ধাতুত শতৃ প্ৰত্যয় হলে, তাৰ ঠাইত ক্বসু হয়, ক্
ইৎ যায়, বস্ থাকে। যেনে, বিদ্—বিদ্বস্,। ১মা, ১ ব,
বিদ্বান, স্ত্ৰী বিদুষী।
শান।
১২। হৈ আছে, এই অৰ্থত, বৰ্তমান কালত, কৰ্তৃবাচ্যত
ধাতুত শান প্ৰত্যয় হয়। শ্ ইৎ যায়, আন থাকে। প্ৰায়
ধাতুৰ পাচত শানৰ ঠাইতে মান হয়, আৰু কোনো ধাতুৰ
পাচত অ, কোনো ধাতুৰ পাচত য হয়। যেনে, বৃৎ – বৰ্ত্তমান,
বৃধ্—বৰ্দ্ধমান, বিদ্—বিদ্যমান, দীপ্—দীপ্যমান, মৃ— ম্ৰিয়মান,
বহ- বহমান, যজ— যজমান।
আস্ ধাতুৰ পাচত শান গুচি ঈন হয়। যেনে, আস্—
আসীন।কোনো কোনো সকৰ্ম্মক ধাতুত কৰ্ম্ম বাচ্যতো শান
প্ৰত্যয় হয়। যেনে, দৃশ্—দৃশ্যমান।
স্যতৃ, স্যমান।
১৩। ভবিষ্যৎ কালত কৰ্ত্তৃ বাচ্যত, ধাতুত স্বতৃ আৰু
সামান প্ৰত্যয় হয়। স্যতৃৰ ঋ ইৎ যায়, স্যুৎ থাকে। যেনে,
ভূ+স্যতৃ=ভবিষ্যৎ। কৰ্ম্ম বাচ্যত বচ্ +স্যমান = বক্ষ্যমান।
শতৃ শান, স্যতৃ স্যমান। এই চাৰিটা প্ৰত্যয় একে উদ্দেশ্য সিদ্ধিৰ
নিমিত্তে, অৰ্থাৎ একে অৰ্থত ব্যৱহাৰ হয়। কেৱল বৰ্ত্তমান কালৰ হলে
শতৃ আৰু শান, ভবিষ্যৎ কালৰ হল স্যতৃ আৰু স্যমান ব্যৱহাৰ হয়।