ক্ত।
১৪। ভূত কালত, কৰ্ত্তৃ আৰু কৰ্ম্মবাচ্যত, ধাতুত ক্ত প্ৰত্যয় হয়। ইয়াৰ ক ইৎ যায়, ত থাকে। ভাববাচ্যত এই প্ৰত্যয় ধাতুত যোগ হয় কিন্তু অতি বিৰল। ক্ত প্ৰত্যয় কৰি সিদ্ধ হোৱা পদ প্ৰায় বিশেষণ হয়।
১৫। ক্ত প্ৰত্যয় হলে, ক্ৰম্, ক্লম্, ক্ষম, শম্, শ্ৰম্ আদি ধাতুৰ আদিৰ অ মৰি আ হয়। যেনে, ক্ৰম্—ক্ৰান্ত, ক্লম্— ক্লান্ত, ক্ষম্—ক্ষান্ত, শম্ —শান্ত, শ্ৰম্—শ্ৰান্ত।
১৬। ক্ত প্ৰত্যয় হলে, গম্, নম্, মন্, হন্ আদি ধাতুৰ শেষ বৰ্ণ লোপ হয়। যেনে, গম্—গত, নম্—নত, মন্—মত, হন্—হত।
১৭। ক্ত প্ৰত্যয় হলে, খন্ ধাতুৰ ঠাইত খা আৰু জন্ ধাতুৰ ঠাইত জা হয়। যেনে, খন্—খাত, জন্—জাত।
১৮। ক্ত প্ৰত্যয় হলে, দন্শ্, ৰন্জ্ আদি ধাতুৰ শেষ বৰ্ণৰ আগৰ বৰ্ণ লোপ হয়। যেনে, দন্শ্—দষ্ট, ৰন্জ্—ৰক্ত।
১৯। ক্ত প্ৰত্যয় হলে, দ্ শেষত থকা ধাতুৰ দ্ আৰু প্ৰত্যয়ৰ ত মৰি ন হয়। যেনে, ছিদ্—ছিন্ন, ভিদ্—ভিন্ন, ক্ষুদ্—ক্ষুণ্ণ, কিন্তু মদ্ ধাতুৰ তেনে পৰিবৰ্ত্তন নহয়। যেনে, মদ—মত্ত।
২০। ৰুজ্, মস্জ, ক্ষি, আদি ধাতুৰ পাচত ক্ত প্ৰত্যয়ৰ ত মৰি ন হয়, মস্জ্ ধাতুৰ স্ লোপ হয় আৰু ক্ষি ধাতুৰ
১৪