ণ্যৎ ( ঘ্যণ্)।
৯। সেই অৰ্থত, ভাব বাচ্যত আৰু কৰ্ম্ম বাচ্যত,
ঋ-কাৰান্ত আৰু ব্যঞ্জনান্ত ধাতুত ণ্যৎ প্ৰত্যয় হয়। ণ ৎ ইৎ
যায়, য থাকে। যেনে কৃ—–কাৰ্য্য, ধৃ—ধাৰ্য্য, হৃ—হাৰ্য্য,
বচ—বাচ্য বা বাক্য, ত্যজ্ — ত্যাজ্য, অ—কজ্—আৰোগ্য,
মন্—মান্য, বহ্ — বাহ্য। সাঃ নিঃ (খ) চোৱাঁ।
অমাবস্যা বা অমাবাস্যা পদ এই প্ৰত্যয় কৰি নিপাতনত
সিদ্ধ। অমা একে লগে বস বা বাস, অৰ্থাৎ চন্দ্ৰ সূৰ্য্যৰ
লগত বাস কৰে, এই অৰ্থত।
ক্যপ্।
১০। সেই অৰ্থত, ভাববাচ্যত আৰু কৰ্ম্মবাচ্যত, কৃ,
ভৃ, স্তু, শাস্ আদি ধাতুত ক্যপ্ প্ৰত্যয় হয়। ক্ প্ ইৎ যায়,
য থাকে। কৃ—কৃত্য, ভৃ—ভৃত্য, স্তু – স্বত্য। ক্যপ্ প্ৰত্যয়
হলে, শাস্ ধাতুৰ ঠাইত শিস্ হয়। যেনে, শাস্- শিস্য।
সাঃ নিঃ (ক) চোৱাঁ।
ক্যপ্ প্ৰত্যয় হলে, হন্ ধাতুৰ ন্ মৰি ত হয়। গো
হন্ = স্ত্ৰীলিঙ্গত গোহত্যা। সেইদৰে, ব্ৰহ্মহত্যা, পিতৃহত্যা।
সূৰ্য্য আৰু ৰাজসূয় পদ সূ ধাতুত ক্যপ্ কৰি নিপাতনত
সিদ্ধি।
শতৃ।
১১। কৰি, বা হৈ আছে, এই অৰ্থত, বৰ্ত্তমান কালত, কৰ্তৃবাচ্যত, শতৃ প্ৰত্যয় হয়। শ্ ঋ ইৎ কায়, অৎ থাকে।